'চেতিয়া-ৰাজখোৱা মানে আলফা নহয়'- বিবৃতি প্ৰদানেৰে শান্তি চুক্তিৰ বিৰোধিতা আলফাৰ কেডাৰৰ

'চেতিয়া-ৰাজখোৱা মানে আলফা নহয়'- বিবৃতি প্ৰদানেৰে শান্তি চুক্তিৰ বিৰোধিতা আলফাৰ কেডাৰৰ

author-image
Asomiya Pratidin
New Update
'চেতিয়া-ৰাজখোৱা মানে আলফা নহয়'- বিবৃতি প্ৰদানেৰে শান্তি চুক্তিৰ বিৰোধিতা আলফাৰ কেডাৰৰ

'চেতিয়া-ৰাজখোৱা মানে আলফা নহয়'- বিবৃতি প্ৰদানেৰে শান্তি চুক্তিৰ বিৰোধিতা আলফাৰ কেডাৰৰ

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ এক সশস্ত্ৰ সংগ্ৰাম, ১০ হাজাৰৰো অধিক লোকৰ প্ৰাণৰ বলিদানৰ অন্তত কেন্দ্ৰ, ৰাজ্য চৰকাৰৰ সৈতে আলফাই যি ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰিলে সেই চুক্তিক লৈ ৰাজ্যজুৰি ভিন্ন প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আলোচনাপন্থী আলফাৰ মাজতে এই চুক্তিক লৈ বিভাজনৰ সৃষ্টি হৈছে। স্বাক্ষৰ বিহীনভাৱে আলফাৰ পেডত অহা এক বিবৃতিয়ে এতিয়া এই কথা স্পষ্ট কৰিছে।

Advertisment

চেতিয়া-ৰাজখোৱা মানেই আলফা নহয় বুলি উল্লেখ কৰা এই বিবৃতিত আলফা-চৰকাৰৰ চুক্তিক চেতিয়া-ৰাজখোৱা-চৌধুৰী-হাজৰিকা আৰু ভাৰত ৰাষ্ট্ৰৰ মাজত হোৱা অৰ্থনৈতিক বুজা-বুজি সন্ধিপত্ৰ বুলিহে আখ্যা দিছে। আলোচনাপন্থী আলফাৰ গৰিষ্ঠ সংখ্যক সেনানীয়ে এই সন্ধিপত্ৰৰ বিষয়সমূহত কোনো কাৰণতেই সুখানুভৱ কৰিব নোৱাৰোঁ বুলিও উল্লেখ কৰিছে। লগতে সংযুক্ত মুক্তি বাহিনী, অসম সংগঠনক জীয়াই ৰাখিবলৈও সংকল্প গ্ৰহণ কৰিছে।

পঢ়ক অসম্পাদি সম্পূৰ্ণ বিবৃতি

কালি, সংযুক্ত মুক্তি বাহিনী, অসম আৰু ভাৰত-অসম চৰকাৰৰ মাজত হোৱা অর্থনৈতিক ত্রিপাক্ষীক চুক্তিৰ ওপৰত দৃষ্টিৰাখি আমি সংযুক্ত মুক্তি বাহিনী, অসমৰ সংগ্ৰামী সেনানী সকলে কলিয়াবৰত এখন গোপন বৈঠকত মিলিত হওঁ। উক্ত বৈঠকত এই সন্ধিপত্রক আমি সংযুক্ত মুক্তি বাহিনী, অসমৰ সেনানী সকলে "আলফা-চৰকাৰ'ৰ চুক্তি বুলি বিবেচনা কৰাৰ বিপৰীতে এয়া কেরল "চেতিয়া- ৰাজখোৱা-চৌধুৰী-হাজৰিকা আৰু ভাৰত ৰাষ্ট্ৰৰ মাজত হোৱা অর্থনৈতিক বুজা-বুজি সন্ধিপত্র" বুলিহে অভিহিত কৰিছোঁ আৰু এই সন্ধিপত্রক আমি কোনো কাৰণতেই মান্যতা প্রদান কৰিব নোৱাৰোঁ।

মন কৰিব, চেতিয়া-ৰাজখোৱা মানেই সংযুক্ত মুক্তি বাহিনী, অসম নহয়। তেওঁলোকে কৰা সন্ধিপত্ৰৰ বিষয়সমূহত আমি কোনো কাৰণতেই সুখানুভৱ কৰিব নোৱাৰোঁ। সেয়েহে, আমি গৰিষ্ঠ সংখ্যক সেনানীয়ে তেওঁলোকক বাদ দি "সংযুক্ত মুক্তি বাহিনী, অসম” সংগঠনক জীয়াই ৰাখিবলৈ সংকল্প লৈছোঁ। কিয়নো, যদিও আমি সার্বভৌম স্বাধীন অসমৰ বাবে সংগ্রাম কৰিছিলোঁ কিন্তু শীর্ষ নেতৃত্বৰ প্ৰৰোচনাত এদিন আমি ৰাষ্ট্রব্যৱস্থাটোৰ জালত বন্দী হৈ পৰাত সার্বভৌম স্বাধীন অসমৰ বিকল্প সন্ধান কৰিবলৈ বাধ্য হৈ পৰিলো। আনহাতে কেন্দ্রীয় নেতৃত্বই সংগঠনৰ সাধাৰণ সদস্য সকলৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাকৈ সন্ধি কৰিবলৈ ওলাল, তথাপিও আমি আশা কৰিছিলোঁ সার্বভৌম স্বাধীন অসমৰ বিকল্প হিচাপে নিম্নোল্লিখিত বিষয় সমূহে স্থান লভ কৰিব-

(ক) এক ৰাষ্ট্র দুই ব্যৱস্থাৰে অসমক পূর্ণাঙ্গৰূপে স্বায়ত্ব-শাসিক প্রদেশ হিচাপে প্রতিষ্ঠা কৰা। য'ত অসমে পৃথক সংবিধান (কেৱল আন্তঃৰাষ্ট্রীয় সীমাৰ ক্ষেত্ৰত ভাৰতীয় সংবিধান আৰু আইন আংশিকভাবে প্রযোজ্য হ'ব), পতাকা আৰু আইনেৰে তাৰ সুকীয়া পৰিচয় দাঙি ধৰিব।

(খ) অসমৰ বাবে পৃথক ৰাজনৈতিক ব্যবস্থা প্রচলন কৰা। যি ব্যবস্থাই অসমৰ জনগণক নিজে নিজক শাসন কৰাৰ সুবিধা প্রদান কৰিব।

(গ) অসমৰ বাবে পৃথক মুদ্রা প্রচলনেৰে পৃথক অর্থনৈতিক ব্যবস্থা প্রচলন কৰা।

(ঘ) অসমৰ মাটি, পানী আৰু বায়ুৰ ওপৰত অসমৰ অধিকাৰ প্ৰতিষ্ঠা কৰা। ইয়াৰ দ্বাৰা অসমৰ ভূ-গর্ভস্থ, বর্হিভাগত অৱস্থিত সম্পদৰ ওপৰত অসমৰ কর্তৃত্ব থাকিব।

(ঙ) অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক, সামাজিক আৰু ধর্মীয় পৰিচয়ক সুৰক্ষা প্ৰদান কৰা।

কিন্তু, চেতিয়া-ৰাজখোৱা আৰু ভাৰত ৰাষ্ট্ৰৰ মাজত সম্পন্ন হোৱা সন্ধিপত্রত উল্লিখিত বিষয়সমূহে কোনো স্থান নাপালে। তেওঁলোকে কেৱল কেইটামান টকাৰ বিনিময় আমাৰ হাজাৰ হাজাৰ সতীর্থ ত্যাগক বিক্ৰী কৰিলে। এইখিনি টকাৰ বাবে আমি প্রত্যেকেই আমাৰ জীৱন-যৌৱনবোৰ জলাঞ্জলি দিয়া নাছিল।

অহা কিছুদিনৰ ভিতৰত হয়তো অৰবিন্দ ৰাজখোৱাই তেওঁৰ অনুগামী সকলৰ গোটটো ভংগ কৰাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰিব। তেওঁৰ সেই আলফা গোটৰ বাহিৰত আমি গৰিষ্ঠ সংখ্যকে অৱস্থান গ্রহণ কৰিবলৈ বাধ্য হৈছো।

শেষত, আমাৰ পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়ে আপোনাৰ মাধ্যমৰ যোগেদি অসমৰ খিলঞ্জীয়া জনগণক অৱগত কৰা হ'ব।

Also Read: আলফা শান্তি চুক্তিঃ অসমৰ বাবে আৰ্থিক পেকেজ, বিকাশ, খিলঞ্জীয়াৰ সুৰক্ষা আদি সামৰি ল'ব চুক্তিখনে

আলফা