/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/JIBAN-MORAN-29.jpg)
ডিজিটেল সংবাদ তিনিচুকীয়াঃ মাতৃভূমি আৰু স্বজাতিক হকে এটা দীঘল পৰিক্ৰমা সশস্ত্ৰ সংগ্ৰামৰ লিপ্ত হৈ অৱশেষত জীৱন যুঁজত হাৰ মানি ইহকালৰ পৰা পৰলোকলৈ গতি কৰা আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা গুণদ ডাঙৰীয়া ওৰফে জীৱন মৰাণৰ শেষকৃত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত আজি জন্মস্থান কাকপথাৰৰ উবন গাঁৱত মায়ামৰা সমাজৰ ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন কৰা হয় । স্বাস্থ্যজনিত কাৰণত আলফাৰ পৰা অব্যাহতি লৈ সাধাৰণ জীৱন-যাপন কৰিবলৈ আৰম্ভ কৰা আলফা(স্বা)ৰ মেজৰ জেনেৰেল তথা বিত্ত সচিবগৰাকী শেহতীয়াকৈ আক্ৰান্ত হৈছিল কেইবাটাও জটিল ৰোগত ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/35ef9f5a-8690-47f6-8167-798322e9f069.jpg)
যোৱা প্ৰায় এমাহ ধৰি চিকিৎসাধীন হৈ থকা মৰাণে ২৭ আগষ্টৰ নিশা গুৱাহাটীৰ এপ'ল' হস্পিতেলত শেষ নিশ্বাস ত্যাগ কৰে । দেওবাৰে নিশা ৰূপাই চাইডিঙৰ তপোবনৰ বাসগৃহত মৰাণৰ নশ্বৰ দেহ আহি পোৱাৰ লগে লগে এক শোকাকূল পৰিৱেশে আৱৰি ধৰে অঞ্চলটো ।
অলেখ গুণমুগ্ধই ভীৰ কৰে মৰাণৰ বাসগৃহ । আজি পুৱা বিদ্ৰোহী নেতাগৰাকীয়ে মৃতদেহ ৰূপাইৰ পৰা এক বৃহৎ সমদলৰ জৰিয়তে জন্মস্থান উবন গাঁৱলৈ নিয়াৰ পথত বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষে তেখেতলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ কাকপথাৰতো মৰাণ ছাত্ৰ সন্থা, মৰাণ মহিলা পৰিষদ, অসম মৰাণ সভা, আছু, যুৱ-ছাত্ৰ পৰিষদ, মটক যুৱ-ছাত্ৰ সন্মিলন আদি কৰি ভালেসংখ্যক দল-সংগঠনে আলফা নেতাগৰাকীলৈ অন্তিম অঞ্জলি নিবেদন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/36bc1dad-23c1-4c6f-a700-1e8d3c0af817.jpg)
উবন গাঁও তিনিআলিৰ পৰা গায়ন-বায়নেৰে তেখেতৰ মৃতদেহ জন্মগৃহলৈ নি যথাৰীতিৰে সন্মান জনোৱাৰ পিছত উবন গাঁৱৰ খেলপথাৰৰ সমীপত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ জয় আই অসম ধ্বনিৰে মুখৰিত হয় উবন গাঁও ।তাৎপৰ্যপূৰ্ণ কথাটো হ'ল জ্যেষ্ঠ আলফা নেতাগৰাকীৰ আজিৰ এই অন্ত্যোষ্টিক্ৰিয়াত আলফাৰ যুদ্ধবিৰাম গোটৰ তথা আলোচনাপন্থী শিবিৰৰ এগৰাকীও উচ্চ পদবীধাৰী নেতা উপস্থিত নহ'ল ।
ইয়াকে লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । বিভিন্নজন সচেতন গুণমুগ্ধই আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ পৰা অনুপ চেতিয়ালৈ, মৃণাল হাজৰিকাৰ পৰা জিতেন দত্তলৈ আলফাৰ উচ্চ পদবীধাৰী নেতাক মুকলিকৈ সমালোচনা কৰে ।
অৱশ্যে আজি মৰাণৰ সৎকাৰ কাৰ্যসূচীত নিম্ন পৰ্যায়ৰ আলফা সদস্যসকল উপস্থিত থকা পৰিলক্ষিত হয় । অন্তোষ্টিক্ৰিযাত আলফাৰ জ্যেষ্ঠ নেতাসকল উপস্থিত নথকা বিষয়টোক লৈ আত্মসমৰ্পণকাৰী আলফা তথা যুদ্ধবিৰাম গোটৰ নিম্ন পৰ্যায়ৰ বিষয়া-সদস্যসকলেও অসন্তোষ্টি ব্যক্ত কৰে ৷
ইফালে জনপ্ৰিয় আলফা নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি আজি কাকপথাৰৰ ব্যৱসায়ীমহলে পুৱাৰ পৰা দিনৰ বাৰ বজালৈ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us