জি পি সিঙক ভুৱা এনকাউন্টাৰ বন্ধ কৰিবলৈ আলফা(স্বা)ৰ শেষ সকীয়নি

সংবাদ মাধ্যমলৈ আলফ(স্বা)ৰ প্ৰচাৰ বিভাগৰ সচিব কেপ্টেইন ৰুমেল অসমৰ ইমেইল।

author-image
Asomiya Pratidin
New Update
এতিয়াৰে পৰা মন গ'লেই যাব নোৱাৰিব বনভোজলৈঃ কঠোৰ অসম আৰক্ষী...

জি পি সিঙক ভুৱা এনকাউন্টাৰ বন্ধ কৰিবলৈ আলফা(স্বা)ৰ শেষ সকীয়নি

  • অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক শেষ সকীয়নি আলফা(স্বা)ৰ।

  • সংবাদ মাধ্যমলৈ আলফ(স্বা)ৰ প্ৰচাৰ বিভাগৰ সচিব কেপ্টেইন ৰুমেল অসমৰ ইমেইল।

  • জি পি সিঙক অসমৰ থলগীৰিৰ ওপৰত ভুৱা এনকাউন্টাৰেৰে বীৰত্ব প্ৰদৰ্শন বন্ধ কৰিবলৈ সকীয়নি আলফ(স্বা)ৰ।

  • তিনিচুকীয়া লাইপুলিত এনকাউন্টাৰ কৰা পুষ্পাঞ্জলী গগৈ নামৰ মহিলাৰ সৈতে আলফা(স্বা)ৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ মেইলত।

  • শিৱসাগৰ গেলেকীত শেন চেতিয়া নামৰ ব্যক্তি গৰাকীকো শীতল মস্তিষ্কৰে আৰক্ষীয়ে গুলীয়াই আঘাত কৰাৰ অভিযোগ।

  • ৰাজকোষৰ কোটি কোটি টকা অন্যায়ৰ বাবে আত্মসাৎ কৰা দুৰ্নীতিগ্ৰস্ত বিষয়া নেতাক এনকাউন্টাৰ কৰি সৎ সাহসৰ পৰিচয় দিবলৈ আহ্বান আলফ(স্বা)ৰ।

  • আলফা(স্বা)ৰ অভিযোগ যোৱা বছৰ এপ্ৰিলত শিৱসাগৰত সুৰয গগৈক অসম আৰক্ষীয়ে ভুৱা এনকাউন্টাৰেৰে হত্যা কৰিছিল।

  • অসমৰ থলগীৰিৰ ওপৰত ভুৱা এনকাউন্টাৰেৰে বীৰত্ব প্ৰদৰ্শনৰ কাৰ্য বন্ধ নকৰিলে অসম এৰি যাবলৈও সকিয়নী জিপি সিঙক।

Advertisment

Also Read: সুৰাসক্ত হৈ শ্ৰেণীকোঠাত অসভ্য আচৰণ কৰা লখিমপুৰ মহাবিদ্যালয়ৰ সহঃ অধ্যাপকক আটক

Assam police