স্বাধীনতা দিৱসৰ আগ মুহুৰ্তত আলফা(স্বা)ৰ দুই লিংকমেনক আটক

স্বাধীনতা দিৱসৰ আগ মুহুৰ্তত আলফা(স্বা)ৰ দুই লিংকমেনক আটক

author-image
asomiyapratidin
New Update
স্বাধীনতা দিৱসৰ আগ মুহুৰ্তত আলফা(স্বা)ৰ দুই লিংকমেনক আটক

ডিজিটেল সংবাদ, তিনিচুকীয়া:– দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসক লক্ষ্য কৰি সন্ত্ৰাসজৰ্জৰ তিনিচুকীয়া জিলাত যাতে উগ্ৰপন্থীয়ে কোনোধৰণৰ কূটাঘাতমূলক কাণ্ড সংঘটিত কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষী সংস্থাসমূহে কটকটীয়া তথা নিছিদ্ৰ নিৰাপত্তা বেহু গঢ়ি তুলিছে । ইফালে জিলাখনৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী এলেকাত আলফা স্বাধীনৰ সশস্ত্ৰ দলে বাহৰ পাতি স্বাধীনতা দিৱসৰ আগে-পিছে কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা হাতত ল'ব পাৰে বুলি আশংকা কৰি তিনিচুকীয়া আৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ মাজতে যোৱা নিশা গোপন খবৰৰ ভিত্তিত অভিযান চলাই পানীতোলাৰ পৰা আলফা স্বাধীনৰ দুই যোগাযোগকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

Advertisment

ধৃত লিংকমেন দুজন পানীতোলা নগাঁৱৰ বোৱাৰী মৃণালী গগৈ আৰু আনজন সৌৰভ চেতিয়া ৷ আৰক্ষীয়ে প্ৰাথমিক পৰ্যায়ত সোধ-পোছাৰ কাৰণে পানীতোলাৰ পৰা চাৰিগৰাকীক আটক কৰে যদিও ইয়াৰে দুগৰাকীৰ বিৰুদ্ধে অভিযোগত প্ৰত্যক্ষভাৱে লিপ্ত থকাৰ কোনোধৰণৰ তথ্য-প্ৰমাণ নোপোৱাত তেওঁলোকক মুকলি কৰি দিয়া হয় ৷

এই সন্দৰ্ভত তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই কয় যে, অভিজিৎ গগৈ ওৰফে আইছেং অসমৰে সৈতে পানীতোলাৰ মৃণালী গগৈৰ দুবছৰ ধৰি যোগাযোগ আছিল ৷ মৃণালীয়ে ফেচবুক, টেলিগ্ৰাম আৰু ইস্কাইপি এপৰ জৰিয়তে আলফা সদস্য অভিজিৎ গগৈৰ সৈতে নিয়মীয়া যোগাযোগ অব্যাহত ৰাখিছিল ৷

পানীতোলা নগাঁৱৰ বোৱাৰী মৃণালী গগৈৰ জৰিয়তে আলফা স্বাধীনত নতুন সদস্য ভৰ্তি অভিযানত নামিছিল অভিজিৎ গগৈ ওৰফে আইছেং অসমে ৷ ১৬ আগষ্টৰ দিনা মৃণালী গগৈৰ জৰিয়তে ধৃত সৌৰভ চেতিয়াৰ লগতে আন কেইবাজনো যুৱকক আলফা শিবিৰলৈ নিবৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল ৷ এইকথা ধৃত সৌৰভ চেতিয়াই নিজ মুখে স্বীকাৰ কৰিছে ৷ সোধপোছৰ বাবে আটক কৰা আন দুজনে যিহেতু আলফা সন্দৰ্ভত নিজাববীয়াকৈ যোগাযোগ কৰা নাই তথা তেনে কোনো প্ৰতিক্ৰিয়া পোৱা নাই, সেয়ে দুয়োকে মুকলি কৰি দিয়া হৈছে যদিও দুয়ো আৰক্ষীৰ নজৰত থাকিব । মৃণালী  গগৈ আৰু সৌৰভ চেতিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

ইফালে ধৃত লিংকমেন দুগৰাকীৰ জৰিয়তে আলফা স্বাধীনে জিলাখনত কিবা কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত আৰক্ষী বিষয়া বৰাই কয়, বিগত সময়চোৱাত আলফা(স্বা)-এ লিংকমেনৰ জৰিয়তে কূটাঘাতমূলক কাণ্ড সংঘটিত কৰাৰ নজিৰ আছে । তেনেস্থলত স্বাধীনতা দিৱসৰ আগে-পিছে সংগঠনটোৱে কিবা নকৰিব বুলি ধৰি ল'ব নোৱাৰি ৷ এই ক্ষেত্ৰত আমি প্ৰতিৰোধ কৰিবলৈ সকলোধৰণৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছো । আৰু যোগাযোগকাৰীৰ চেইনডাল চিঙিবলৈ চেষ্টা অব্যাহত ৰাখিছো ৷

আৰু পঢ়ক: বৃটিছৰ ৰেল বগৰোৱা ঘটনাৰ মুল নায়ক, মুক্তি যোদ্ধা মহদানন্দ দেৱ গোস্বামীৰ বাসভৱন ত ডি জি পি ভাষ্কৰ জ্যোতি মহন্ত

assam Assam police tinsukia