DGP জি পি সিঙক পুনৰ আলফা (স্বাধীন)ৰ প্ৰত্যাহ্বানঃ আৰোপ কৰিলে দুটা চৰ্ত...

DGP জি পি সিঙক পুনৰ আলফা (স্বাধীন)ৰ প্ৰত্যাহ্বানঃ আৰোপ কৰিলে দুটা চৰ্ত...
DGP জি পি সিঙক পুনৰ আলফা (স্বাধীন)ৰ প্ৰত্যাহ্বানঃ আৰোপ কৰিলে দুটা চৰ্ত...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক পুন প্ৰত্যুত্তৰ দিলে আলফা স্বাধীনে৷ ১৫ ডিচেম্বৰ শুকুৰবাৰে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কাজিৰঙাত সংবাদমেল অনুষ্ঠিত কৰি আলফা স্বাধীনক সাধাৰণ নাগৰিকৰ পৰিৱৰ্তে তেওঁক টাৰ্গেত কৰিবলৈ অপেন চেলেঞ্জ কৰাৰ পাছতে শনিবাৰে প্ৰত্যুত্তৰ দিয়ে আলফা স্বাধীনে৷

উল্লেখ্য যে, যোৰহাটত আলফা (স্বাধীন)-এ সেনা চাউনীত গ্ৰেণেড নিক্ষেপ কৰাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে পৰেশ বৰুৱা তথা আলফাৰ নাম নোলোৱাকৈয়ে সাধাৰণ জনতাক লক্ষ্য কৰাতকৈ তেওঁক লক্ষ্য কৰি আক্ৰমণ কৰাৰ প্ৰত্যাহ্বান জনাইছিল। তেওঁ কৈছিল মোৰ ঘৰ কাহিলীপাৰা, অফিচ উলুবাৰী। টাৰ্গেত কৰিলে মোক কৰক।

জি পি সিঙৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিছে আলফা স্বাধীনে। সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে স্বাক্ষৰ কৰা এক বিবৃতিত উল্লেখ কৰিছে-

যোৱা ইংৰাজী ১৫ ডিচেম্বৰ ২০২৩ তাৰিখে জি পি সিঙে সংবাদ মাধ্যমৰ আগত ''সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)'' সংগঠনক যি প্ৰত্যাহ্বান জনাইছে; উক্ত প্ৰত্যাহ্বান আমি দুটা চৰ্ত সাপেক্ষে গ্ৰহণ কৰিছোঁ।

প্ৰথমে জি পি সিঙে তেখেতৰ গাড়ী চালকৰ লগতে নিৰাপত্তাৰ বাবে পশ্চিম-দক্ষিণ-পূৱ-এছিয়া (WESA) অঞ্চলৰ যিসকল থলগিৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলক ব্যৱহাৰ কৰি আহিছে সেইসকলৰ ঠাইত CRPF বা ভাৰতীয় সেনা বাহিনী (WESA অঞ্চলৰ যুৱক-যুৱতীক বাদ দি)ক ব্যৱহাৰ কৰক।

দ্বিতীয়তে মাত্ৰ এসপ্তাহ গুৱাহাটীত মুকলিকৈ তহল দি দেখুৱাওক। কিয়নো এটা দশকৰ পূৰ্বে ''সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)'' সংগঠনে অসম আৰক্ষীৰ থলগিৰি বিষয়া/সদস্যৰ লগতে ৱেছিয়া অঞ্চলৰ থলগিৰি সামৰিক বিষয়া/সদস্যসকলৰ সৈতে সংঘৰ্ষত লিপ্ত নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কাৰণ, বিগত সময়ত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক দৌলত সিং নেগী আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক আৰ কে সিঙৰ সৈতে সংঘৰ্ষ হওঁতে আমাৰ হাততেই ভাতৃসদৃশ বহুকেইগৰাকী থলগিৰি বিষয়া/সদস্যই মৃত্যুবৰণ কৰিছিল। এতিয়া আকৌ জি পি সিঙে পুনৰ সেই ভাতৃঘাটি সংঘৰ্ষৰ ৰূপ দিবলৈ বাৰে বাৰে চেষ্টা চলাইছে। সেয়েহে ''সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)'' সংগঠনে 'উলুৰ লগত বগৰী পোৰা' কাৰ্যৰ পৰা বিৰত থাকি জি পি সিঙলৈ উক্ত চৰ্তৰ প্ৰত্যাহ্বান জনোৱা হৈছে।

আমি জানো, আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ আপোনাৰ সাহস নাই, আছে মাথো '' স্বাধীনতা ফুকন'' ৰ দৰে নিৰস্ত্ৰ যুৱকক নিশা শোৱাপাটিৰ পৰা উঠাই নি শীতল মস্তিষ্কৰে হত্যা কৰা। (অসম্পাদিত)

উল্লেখ্য যে, আলফা (স্বাধীন) আৰু জি পি সিঙৰ এই বাকযুদ্ধক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ আলফাৰে শান্তি চুক্তি সম্পন্ন হোৱাৰ পাছতে আলফা (স্বাধীন)ৰ সৈতেও আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা শুকুৰবাৰে ঘোষণা কৰিছিল। তেওঁ জি পি সিঙৰ নাম নোলোৱাকৈয়ে কৈছিল- 'পৰেশ বৰুৱাই কাৰোবাক বেয়া পাব পাৰে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু নিজৰ জননী-জন্মভূমিৰ ওপৰত কোনোবাই বোমা মাৰিব পাৰে নেকি?'

এতিয়া লক্ষ্যণীয় হ'ব আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আলফা (স্বাধীন)ৰ এই প্ৰত্যাহ্বান কিদৰে গ্ৰহণ কৰে। অথবা আলফা (স্বাধীন) আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মাজৰ এই মুখ চুপতি কিমান দূৰলৈ আগুবাঢ়ে।

DGP জি পি সিঙক পুনৰ আলফা (স্বাধীন)ৰ প্ৰত্যাহ্বানঃ আৰোপ কৰিলে দুটা চৰ্ত...
আলফাৰে শান্তি চুক্তিৰ খচৰা প্ৰস্তুতঃ মুখ্যমন্ত্ৰীয়ে ক'লে- 'পৰেশ বৰুৱাৰ সৈতে কথা পাতিয়েই থাকো'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in