মাঘ বিহুৰ পূৰ্বেই স্বাক্ষৰিত হ’ব আলফা-চৰকাৰৰ শান্তিচুক্তি

মাঘ বিহুৰ পূৰ্বেই স্বাক্ষৰিত হ’ব আলফা-চৰকাৰৰ শান্তিচুক্তি

author-image
Asomiya Pratidin
New Update
দিল্লীলৈ আলফাৰ নেতৃত্বঃ চলিত সপ্তাহতে শান্তি চুক্তি হ'ব সম্পন্ন !

ডিজিটেল ডেস্ক : বহু প্ৰত্যাশিত আলফা আলোচনাপন্থী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ আলোচনাই চূড়ান্ত ৰূপ পাব অচিৰেই। নতুন বছৰৰ আৰম্ভণিতে আৰু মাঘ বিহুৰ পূৰ্বেই ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত নতুন দিল্লীত স্বাক্ষৰিত হ’ব আলফা আলোচনাপন্থী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত শান্তিচুক্তি।

Advertisment

ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো সেই ইংগিত প্ৰদান কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেলক আলফাৰ আলোচনাপন্থীৰ এজন শীৰ্ষ নেতৃত্বই জানিবলৈ দিয়ামতে এই শান্তিচুক্তিৰ দফাসমূহ ইতিমধ্যে চূড়ান্ত কৰা হৈছে।

তেওঁ লগতে কয়- ২০২৪ৰ প্ৰথমভাগতে এই চুক্তি স্বাক্ষৰিত হ’ব বুলি আমি আশা কৰিছোঁ। আৰ্থিক পেকেজৰ লগতে তেওঁলোকে প্ৰদান কৰা দাবী চনদৰ দাবীসমূহ পূৰণৰ বাবে চৰকাৰে দায়বদ্ধতাৰে ব্যৱস্থা ল’ব বুলিও আশা ব্যক্ত কৰে তেওঁ।

এই চুক্তিত কি কি থাকিব সেই সন্দৰ্ভত তেওঁ বিশেষভাৱে উল্লেখ নকৰিলেও দীৰ্ঘদিনৰ এই সংগ্ৰামৰ অন্তত ৰাজ্যবাসীয়ে ভাল খবৰ লাভ কৰিব বুলি জানিবলৈ দিয়ে।

Also Read: পৱিত্ৰ বৰদিন উপলক্ষে 'আপ'ৰ শুভেচ্ছা

assam govt peace accord