বাক্সাৰ চৰাইমাৰীত ১১৭ সংখ্যক সন্যাসী বাবাৰ সভা মহোৎসৱ

চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চলিব এই সভা মহোৎসৱ । নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যোগেশ শাস্ত্ৰী ।
বাক্সাৰ চৰাইমাৰীত ১১৭ সংখ্যক সন্যাসী বাবাৰ সভা মহোৎসৱ

ডিজিটেল সংবাদ,বাক্সাঃ বাক্সা জিলাৰ মুছলপুৰৰ ওচৰৰ আঞ্চলিক মনকৰ, ন-পাৰা, চৰাইমাৰী সন্যাসী বাবাৰ থান সমিতিয়ে অইনবেলিৰ দৰে এইবেলিও সভা মহোৎসৱৰ আয়োজন কৰিছে । আজি প্ৰথম দিনা পুৱাৰে পৰা মূলদ্বাৰ উন্মোচন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ ইত্যাদি কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

আজি পুৱা বাক্সা জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক মানস প্ৰতিম কলিতাই মূলদ্বাৰ উন্মোচন কৰাৰ পিছতেই চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আৰম্ভণি হয় । উদযাপন সমিতিৰ সম্পাদক পুলিন দাসে জনোৱা অনুসৰি আজি সন্ধিয়া পৰম্পৰা অনুসৰি ধুনী প্ৰজ্বলন কৰা হ'ব আৰু অঞ্চলটোৰ সকলো শ্ৰেণীৰ লোকৰ সমাগম হ'ব ।

পহিলা মাঘৰ দিনাও পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ অন্তত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান থাকিব । ২ মাঘৰ দিনা শিল্পী দিৱস বিশেষ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব । লগতে বিশেষ আকৰ্ষণ হিচাপে থাকিব ভাঙা টিভি কৌতুক গোষ্ঠী ।

অন্তিম দিনা সন্ধিয়া ৫ বজাত ধৰ্মসভা অনুষ্ঠিত হ'ব । এই ধৰ্ম সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যোগেশ শাস্ত্ৰী । সমূহ কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ অংশগ্ৰহণ কামনা কৰিছে সন্যাসী বাবা থান সমিতিয়ে ।

বাক্সাৰ চৰাইমাৰীত ১১৭ সংখ্যক সন্যাসী বাবাৰ সভা মহোৎসৱ
লিকাবালিৰ আকাশী গংগাত পুত: স্নানৰ বাবে ভক্তৰ ভিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in