ইউক্ৰেইনত ধ্বংস লীলা! ভিডিঅ’ বনাই থাকোতেই ঘটিত ভয়ংকৰ ঘটনা, চাওক ভিডিঅ’

ইউক্ৰেইনত ধ্বংস লীলা! ভিডিঅ’ বনাই থাকোতেই ঘটিত ভয়ংকৰ ঘটনা, চাওক ভিডিঅ’

author-image
asomiyapratidin
New Update
ইউক্ৰেইনত ধ্বংস লীলা! ভিডিঅ’ বনাই থাকোতেই ঘটিত ভয়ংকৰ ঘটনা, চাওক ভিডিঅ’

 ডিজিটেল ডেস্ক: অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ। এই সময়চোৱাত ইউক্ৰেইনৰ ধ্বংসলীলাৰ বহু ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। কিন্তু সদ্যহতে ভাইৰেল হোৱা এটি ভিডিঅ'ই খলকনি তুলিছে ছ'চিয়েল মিডিয়াত।

Advertisment

উল্লেখ্য যে, এজন লোকে ইউক্ৰেইনত এটি অট্টালিকাৰ তলত থিয় দি ভিডিঅ' বনাই আছিল।কিন্তু সেই সময়তে এটা মিছাইল বিল্ডিঙৰ ওপৰত পৰে। অট্টালিকাৰ ওপৰত মিছাইল পৰাৰ পাছতেই খহিব ধৰে আৰু লগে লগে লোকজনে তাৰ পৰা দৌৰি পলাই যায়।

কোনোমতে প্ৰাণ ৰক্ষা পৰে তেওঁৰ। অৱশ্যে এই ভিডিঅটোৰ সত্যাসত্য আমাৰ হাতত নাই। NEXTA নামৰ এটা একাউন্টত ভাইৰেল হৈছে এই ভিডিঅ'। এতিয়া ইউক্ৰেইৰ চাৰিওফালে কেৱল বোমা বাৰুদ আৰু গুলীৰ শব্দ শুনি শংকিত হৈছে সকলো।


— NEXTA (@nexta_tv) March 2, 2022

ukraine russia