চীনৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰ কথা চিন্তা কৰিছে নেকি? সাৱধান ! ইউ জি চিয়ে জাৰি কৰিছে নিষেধাজ্ঞা…

চীনৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰ কথা চিন্তা কৰিছে নেকি? সাৱধান ! ইউ জি চিয়ে জাৰি কৰিছে নিষেধাজ্ঞা…

author-image
asomiyapratidin
New Update
চীনৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰ কথা চিন্তা কৰিছে নেকি? সাৱধান ! ইউ জি চিয়ে জাৰি কৰিছে নিষেধাজ্ঞা…

ডিজিটেল ডেস্কঃ ইউ জি চিয়ে শুকুৰবাৰে ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ কৰিছে। ইউ জি চিয়ে ভাৰতীয় শিক্ষাৰ্থীসকলক চীনৰ বিশ্ববিদ্যালয়ত নামভৰ্তি নকৰিবলৈ সতৰ্কবাণী প্ৰদান কৰিছে। এক জাননীত ইউ জি চিয়ে কয় যে, শিক্ষাৰ্থীসকলে চীনৰ বিশ্ববিদ্যালয়ত নিজৰ নাম পঞ্জীয়ন কৰাৰ পূৰ্বে চীনৰ ভ্ৰমণ নিষেধাজ্ঞাৰ বিষয়ে জানিব লাগে।

Advertisment

আনহাতে চীনৰ শিক্ষানুষ্ঠানৰ পৰা প্ৰদান কৰা কোনো অনলাইন ডিগ্ৰী ভাৰতত স্বীকৃতি প্ৰদান কৰা নহয়। নিয়ম অনুসৰি ইউ জি চি আৰু এ আই চি টিৰ পৰা অনুমোদন নোলোৱাকৈ অনলাইন মোডত অনুষ্ঠিত কৰা এনে ডিগ্ৰী পাঠ্যক্ৰমক স্বীকৃতি দিয়া নহ'ব।

চীন চৰকাৰে কোৰোনাৰ বাবে ২০২০ চনৰ নৱেম্বৰৰ পৰা সকলো ভিছা স্থগিত ৰাখিছে। চীনা বিশ্ববিদ্যালয়সমূহে পৰৱৰ্তী শিক্ষাবৰ্ষৰ বাবে কেইবাটাও ডিগ্ৰী পাঠ্যক্ৰমৰ নামভৰ্তিৰ জাননী জাৰি কৰিছে। সেয়েহে ইউ জি চিয়ে ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে সতৰ্কতামূলক ভাৱে এই জাননী জাৰি কৰিছে।