১২ বি ষ্টেটাচৰ পথত বড়োলেণ্ড বিশ্ববিদ্যালয়, ইউজিচিৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনত সেউজ সংকেত

১২ বি ষ্টেটাচৰ পথত বড়োলেণ্ড বিশ্ববিদ্যালয়, ইউজিচিৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনত সেউজ সংকেত

author-image
asomiyapratidin
New Update
১২ বি ষ্টেটাচৰ পথত বড়োলেণ্ড বিশ্ববিদ্যালয়, ইউজিচিৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনত সেউজ সংকেত

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ঐতিহাসিক বড়ো চুক্তি অনুসৰি ২০০৯ চনত স্থাপিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ে অৱশেষত ইউজিচিৰ ১২ বি অৰ্হতা লাভ কৰাৰ পথত অগ্ৰসৰ হৈছে। প্ৰফেচৰ পি পি ধায়ানিৰ অধ্যক্ষতাতত বিশ্ববিদ্যালয় অনুদান আয়োগৰ চাৰি সদস্যযুক্ত বিশেষজ্ঞ কমিটিৰ দল এটাই অলপতে বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ আহি বিশ্ববিদ্যালয়ৰ কাৰিকৰী দিশ, আন্তঃগাঁথনিকে আদি কৰি বিশ্ববিদ্যালয়খনৰ সমস্ত দিশ পৰ্যবেক্ষণ কৰাৰ পিছত ইউজিচিৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনত বড়োলেণ্ড বিশ্ববিদ্যালয়ক ১২ বি অৰ্হতা অন্তৰ্ভূক্তিকৰণৰ সপক্ষে বিশেষজ্ঞ কমিটিয়ে প্ৰতিবেদন দাখিল কৰা বুলি জানিব পৰা গৈছে।

Advertisment

উল্লেখ্য যে, ইউজিচিৰ ১২ বি অৰ্হতা অন্তৰ্ভূক্তিকৰণ অবিহনে এখন বিশ্ববিদ্যালয় বৰ্তি থকাটো বহু প্ৰত্যাহ্বানমুলক আৰু সেয়েহে ১২ বি অৰ্হতা অবিহনে বড়োলেণ্ড বিশ্ববিদ্যালয় যোৱা ৯ টা বছৰে বহু ঘাত-প্ৰতিঘাতৰে সময় পাৰ কৰি আহিছে। ৰাজ্য চৰকাৰ আৰু ইউজিচি কৰ্তৃপক্ষৰে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ক ১২ বি ষ্টেচাচত অন্তৰ্ভূক্তিকৰণৰ বাবে কেবালানি বৈঠক সম্পন্ন কৰিছে আৰু ইউজিচিৰ ১২ বি অন্তৰ্ভূক্তিকৰণৰ বাবে হাগ্ৰামা মহিলাৰীয়েও সংশ্লিষ্ট কৰ্তৃপক্ষলৈ পত্ৰও প্ৰেৰণ কৰিছিল।

ইয়াৰ সমান্তৰালভাৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰহ্লাদ বসুমতাৰীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ক ইউজিচিৰ ১২ বি ষ্টেটাচত অন্তৰ্ভূক্তিকৰণক লৈ বিশেষ পৰিকল্পনাৰে আগবাঢ়ে আৰু যাৰ পৰিণতিত বিশেষজ্ঞ কমিটিয়ে পৰিদৰ্শন কালত সন্তুষ্টি ব্যাক্ত কৰে। অৱশ্যে বিশেষজ্ঞ কমিটিয়ে কেবাটাও বিষয়ৰ উন্নতিত্তোৰ বাবে পৰামৰ্শ আগবঢ়াইছে।

বিশেষজ্ঞ সমিতিৰ ১৪ পৃষ্ঠাৰ প্ৰতিবেদনত বড়োলেণ্ড বিশ্ববিদ্যালয়ক ইউজিচিৰ ১২ বিত অন্তৰ্ভূক্তিকৰণত একপ্ৰকাৰ সেউজ সংকেত দিছে আৰু সকলো ঠিকে ঠাকে থাকিলে অচিৰেই ১২ বিৰ মৰ্যদা লাভ কৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ে পশ্চিম অসমৰ এখন আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰূপে জাকত জিলিকা হৈ উঠিব।