শিক্ষকৰ পিছত এইবাৰ শিক্ষামন্ত্ৰী হুচিয়াৰ ধ্বনিৰে ৰাজপথত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী

শিক্ষকৰ পিছত এইবাৰ শিক্ষামন্ত্ৰী হুচিয়াৰ ধ্বনিৰে ৰাজপথত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী

author-image
asomiyapratidin
New Update
শিক্ষকৰ পিছত এইবাৰ শিক্ষামন্ত্ৰী হুচিয়াৰ ধ্বনিৰে ৰাজপথত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী

ডিজিটেল সংবাদ, ওদালগুৰিঃ শিক্ষকৰ পাছত এইবাৰ ৰাজ্যৰ শিক্ষাবিভাগ তথা শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে শিক্ষাৰ্থীয়ে। ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তৰ চাৰিখন মহাবিদ্যালয়ৰ সহস্ৰাধিক শিক্ষাৰ্থীয়ে শুকুৰবাৰে দিনৰ ১০:৩০ বজাত হাতে হাতে প্লে' কাৰ্ড লৈ বিনামুলীয়া নামভৰ্তিৰ নামত হোৱা খেলিমেলিৰ বিৰুদ্ধে দুঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰিলে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ দুৱাৰমুখত। জিলাখনৰ খৈৰাবাৰী, টংলা, ওদালগুৰি আৰু মাজবাট মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে "শিক্ষা বিভাগ হায় হায়, শিক্ষামন্ত্ৰী হুচিয়াৰ, আমাক লাগে বিনামুলীয়া নামভৰ্তি, সমস্যা সমাধান নহ'লে নামভৰ্তি নকৰো, পৰীক্ষাৰ ফলাফল নিখুতভাৱে সময়মতে ঘোষণা কৰক" ইত্যাদি শ্লোগান প্ৰদান কৰি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

Advertisment

ইয়াৰ পূৰ্বে চাৰিওখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ওদালগুৰি মহাবিদ্যালয়ৰ পৰা এক বিশাল সমদলেৰে প্ৰতিবাদস্থলীলৈ ৰাওনা হয়। প্ৰতিবাদস্থলীত ছাত্ৰসকলে প্ৰদান কৰা ভাষ্যত তেওঁলোকে কয় যে, ৰাজ্য চৰকাৰখনে স্নাতক পাঠ্যক্ৰমৰ ক্ষেত্ৰত প্ৰথম ষাণ্মাসিকৰ পৰা ষষ্ঠ ষাণ্মাসিকলৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা শিক্ষাৰ্থীসকলৰ নামভৰ্তি মাচুল ৰেহাইৰ কথা ঘোষণা কৰিছিল যদিও এনে নামভৰ্তিৰ ক্ষেত্ৰত ওদালগুৰিৰ বিভিন্ন মহাবিদ্যালয়সমূহত আসোঁৱাহ তথা অনিয়ম চলি আছে।

লগতে তেওঁলোকে কয় যে, বিটিচি অঞ্চলৰ বিভিন্ন মহাবিদ্যালয়ৰ সমান্তৰালকৈ ওদালগুৰিৰ উক্ত চাৰিখন মহাবিদ্যালয়ো বিগত বৰ্ষৰ প্ৰথমাৱস্থাত কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত আছিল যদিও পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত বিটিচি অঞ্চলৰ বিভিন্ন বিদ্যালয়সমূহৰ পাঠ্যক্ৰমবোৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অন্তৰ্ভুক্ত কৰিছিল। ফলত শিক্ষাৰ্থীসকল যথেষ্ট সমস্যাত পৰিবলগীয়া হৈছিল আনকি এমাহৰ ভিতৰত এটি ষাণ্মাসিকৰ বাবে শিক্ষাৰ্থীসকলে প্ৰস্তুতি কৰিবলগীয়া হোৱাত বহুতৰেই আশাজনক ফল নোহোৱাৰ লগতে বহুতৰে পৰীক্ষাবোৰত বেক লগা শিক্ষাৰ্থীসকলৰ এনে সমস্যা বুজি নোপোৱা শিক্ষা বিভাগটোৱে এই সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ শিক্ষা জীৱনটোৰ প্ৰতি লক্ষ্য ৰাখি বিভাগটোক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

লগতে প্ৰতিবাদী শিক্ষাৰ্থীসকলে কয় যে, পূৰ্বৰ বছৰবোৰত কোনো বিষয়ত বেক লাভ কৰা শিক্ষাৰ্থীসকলৰ নামভৰ্তি বিনামূলীয়া আছিল যদিও এইবেলি কিছুদিন পূৰ্বে শিক্ষা বিভাগে এক জাননীযোগে এইসকল বেক পোৱা শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া নহয় বুলি ঘোষণা কৰাত শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

নামভৰ্তি বিনামূলীয়া নহ'লে জিলাখনৰ সকলো শিক্ষাৰ্থীয়ে নামভৰ্তিৰ পৰা বিৰত থকাৰ হুংকাৰ প্ৰদান কৰে। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ে সময় মতে ফলাফল ঘোষণা নকৰা তথা পৰীক্ষা বহীসমূহ পৰীক্ষা কৰাত গাফিলতি কৰা বুলিও শিক্ষাৰ্থীসকলে অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত চাৰিওখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ স্বাক্ষৰিত বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যলৈ প্ৰেৰণ কৰে।