ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল ২ বাইক আৰোহীৰ…

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল ২ বাইক আৰোহীৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, ওদালগুৰি: দেওবাৰে নিশা ৰৌতাত ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী।‌‌ দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

Advertisment

ৰৌতাৰ ভালুকমাৰীৰ ঔবাৰাতিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।‌ নিশা প্ৰায় ৮:৩০ মান বজাত AS-12G-7897 নম্বৰৰ বাইক আৰু AS-27D-2113 নম্বৰৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত আৰোহী দুজন নিহত হয়।

নিহত বাইক আৰোহী দুজন ক্ৰমে ৰৌতাৰ ভালুকমাৰীৰ শান্তনো মেধি ওৰফে গিৰিন্দ্ৰ (২২) আৰু আনজন নিজ ৰাঙাপানীৰ ছুৰজ পানিকা (২৪) বুলি জানিব পৰা গৈছে।

সম্প্ৰতি মৃতদেহ দুটা ৰৌতা আৰক্ষীয়ে উদ্ধাৰ কৰি ৰৌতা মডেল হস্পিটেললৈ প্ৰেৰণ কৰিছে।১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই সঘনাই পথ দুৰ্ঘটনা বৃদ্ধি পাইছে। ঘাইপথটো মেৰামতিৰ অভাৱতে বৃহৎ-বৃহৎ গাতৰ সৃষ্টি হৈছে। ফলত সঘনাই ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হৈ বহু লোক মৃত্যু মুখত পৰিছে। শীঘ্ৰেই পথটো মেৰামতি কৰিবলৈ আহ্বান জনাইছে।

আৰু পঢ়ক: সাম্প্ৰদায়িকতাই কোঙা কৰিছে মানৱতাক! ৰাজনীতি জিকিছে, জনতাই হেৰুৱাইছে…

assam dead road accident