ওদালগুৰি প্ৰিমিয়াৰ লীগঃ পুব নগৰ মেধিপাৰা ইয়ুথ ক্লাৱ চেম্পিয়ন

ওদালগুৰি প্ৰিমিয়াৰ লীগঃ পুব নগৰ মেধিপাৰা ইয়ুথ ক্লাৱ চেম্পিয়ন

author-image
Asomiya Pratidin
New Update
ওদালগুৰি প্ৰিমিয়াৰ লীগঃ পুব নগৰ মেধিপাৰা ইয়ুথ ক্লাৱ চেম্পিয়ন

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি ইউপিএল(UPL) খেল পৰিচালনা সমিতিৰ উদ্যোগত আৰু এম‌.এম কনষ্ট্ৰাকছনৰ সৌজন্যত ওদালগুৰিত চলি থকা ওদালগুৰি প্ৰিমিয়াৰ লীগ ২০২৩ৰ চূড়ান্ত খেলখন শনিবাৰে অনুষ্ঠিত হৈ যায়। খেলখনত পূব নগৰ মেধিপাৰা ইয়ুথ ক্লাৱে টংলা ক্ৰিকেট ক্লাৱক চাৰি উইকেটত পৰাস্ত কৰি প্ৰতিযোগিতাখনিৰ চেম্পিয়নয়নৰ খিতাপ দখল কৰে।

Advertisment

টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্তৰে টংলাই নিৰ্দ্ধাৰিত ২০ অভাৰত চাৰি উইকেটত ১৩৫ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ ভাস্কৰ কলিতাই ৪৬ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে পূব নগৰৰ দুৰ্লভ দাসে তিনিটা উইকেট দখল কৰে। ইয়াৰ প্ৰত্যুত্তৰত বেট ধৰি পূৱনগৰে ১৯ অভাৰত ছয়টা উইকেটৰ বিনিময়ত জয়ৰ লক্ষ্যত উপনীত হয়।

দলটোৰ হৈ ড্ৰিংকুল দেউৰীয়ে অপৰাজিত ৩৬ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে নাৰায়ণ দাস আৰু গোবিন্দ দাসে দুটাকৈ উইকেট দখল কৰে। আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে মেধিপাৰাৰ দুৰ্লভ দাসে। চূড়ান্ত খেলৰ বিজয়ী দলক ট্ৰফীসহ নগদ ৫০ হাজাৰ টকা প্ৰদান কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, বিজিত দলক ট্ৰফীসহ নগদ ২৫ হাজাৰ টকা প্ৰদান কৰে ইউপিপিএলৰ জিলা সভাপতি ৰবীন্দ্ৰ চন্দ্ৰ বসুমতাৰীয়ে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ইউনাইটেডৰ বিকাশ শৰ্মাই। প্ৰতিযোগিতাৰ সৰ্বাধিক ৰাণৰ অধিকাৰী ইউনাইটেডৰ মডুদ আলমক অৰেঞ্জ কেপসহ নগদ ধন, সৰ্বাধিক ইউকেটৰ গৰাকী বিকাশ শৰ্মাক পাৰ্পল কেপসহ নগদ ধন প্ৰদান কৰা হয়। আজিৰ চূড়ান্ত খেলখন উদ্বোধন কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত প্ৰতিযোগিতাখনিৰ সভাপতি জৌশ্ৰাং বড়ো, বিশিষ্ট ব্যৱসায়ী মিনন মোছাহাৰী, আছু, অজাযুছাপ, লাচিত সেনাৰ নেতৃত্বৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Also Read: ক্ষোভিত নহয়, লজ্জিত হৈছো: পৰেশ বৰুৱা