ক্ষোভিত নহয়, লজ্জিত হৈছো: পৰেশ বৰুৱা

ক্ষোভিত নহয়, লজ্জিত হৈছো: পৰেশ বৰুৱা

ডিজিটেল ডেস্কঃ ডিচেম্বৰৰ ২৯ তাৰিখে ৰাজ্য-কেন্দ্ৰ আৰু আলফাৰ মাজত স্বাক্ষৰিত হয় ঐতিহাসিত আলফা শান্তি চুক্তি। এই চুক্তি সন্দৰ্ভত বিভিন্ন মহলত প্ৰতিক্ৰিয়া প্ৰকাশ পোৱাৰ মাজতে মত প্ৰকাশ কৰিছে আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।

প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে হোৱা টেলিফনিক বাৰ্তালাপত বৰুৱাই কয় যে , আমি এই চুক্তি শুনি মই আচৰিত, বিচলিত অথবা ক্ষোভিত হোৱা নাই। কিয়নো জানো ইয়াৰ ফল কি হ'ব।

অসমৰ বুদ্ধজীৱিসকলে উদ্যোগ লৈ তেওঁলোকক আলোচনালৈ প্ৰক্ষেপ কৰিছিল। আজি কোনোবাই এই চুক্তিক সমালোচনা কোনোৱে প্ৰশংসা কৰিছে। কিন্তু তাৎপৰ্য বিষয়, সেই সময়ত মানুহবিলাকে জনা নাছিল নেকি যে যিসকলে নেতাই এৰেজমেন্ট কৰি জেলৰ পৰা বাহিৰ হৈ নীতি- আদৰ্শ ত্যাগ দিছিল আলোচনাত বহিছিল তাৰ পাছত ৰাজনৈতিক সমাধান কেনেকৈ ওলাব। নীতি আদৰ্শ বাদ দি আলোচনাত বহিলে সমাধান নোলোৱা স্বাভাৱিক। এজন বিপ্লৱী নেতাই নিজৰ লক্ষ্য, আদৰ্শ, নীতি ত্যাগ কৰি তেনে পদক্ষেপ ল'ব যায় তাত ৰাজনৈতিক সমাধান সূত্ৰ নোলায়।

কালি শশ চৌধুৰীয়ে কৈছে আমি পৰাজয় হৈছো। আমাৰ অগ্ৰজ সকলে কৈছে যে সমাধান সংবিধানত পাবলৈ নাই। সংবিধানত কি আছে সেই কথা নজনাকৈ তেওঁলোক আলোচনালৈ গৈছিল নেকি। আমি ক্ষোভিত নহয়, লজ্জিত হৈছো।

সমৰ্থন সন্দৰ্ভত তেওঁ কয় যে, সমৰ্থন বুলি কথা নাই। ৰাজনৈতিক সমাধান নাথাকিলে আমাৰ সমৰ্থন নাই। অকল পেকেজ ল'লে কেনেকৈ হ'ব।আমি নীতি আদৰ্শ ত্যাগ কৰা নাই,কৰিব নোৱাৰো। আমি আলোচনাৰ ক্ষেত্ৰত আলফাক নিজা সংবিধান, পতাকা বা অন্যান্য় বিচৰিব দিছিলো। কিন্তু তেনে একো নহ'ল।

ভুটানত নিখোজ হোৱা আলফাৰ সদস্য সন্দৰ্ভত চুক্তিত একো উল্লেখ নথকা সন্দৰ্ভত বৰুৱাই কয় যে, ইহঁতে সুবিধা পাইছিল দাবী ৰাখিবলৈ। কিন্তু দাবী জনাবলৈ নিজৰো শক্তি থাকিব লাগিব। নীতি নাথাকিলে সাহসো নাথাকে।

ক্ষোভিত নহয়, লজ্জিত হৈছো: পৰেশ বৰুৱা
কোনে হত্যা কৰিলে গেৰেমছা নাৰ্জাৰীক? আৰক্ষীয়ে ক'লে সোনকালেই আটক হ'ব অভিযুক্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in