ওদালগুৰিত কেন্দ্ৰীয়ভাৱে ছহিদ মণিৰাম দেৱান দিৱস পালন...

সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলা সমিতিৰ সহযোগত আজি ওদালগুৰি চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত ছহিদ মণিৰাম দেৱান দিৱস পালন কৰা হয়।

author-image
Asomiya Pratidin
New Update
jfjjf

ডিজিটেল সংবাদ, ওদালগুৰিঃ  সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলা সমিতিৰ সহযোগত আজি ওদালগুৰি চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত ছহিদ মণিৰাম দেৱান দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৯-১৫ বজাত সন্মিলনৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি ডা: ৰমেন কুমাৰ কাকতিয়ে। ৯-৩০ বজাত স্মৃতি তৰ্পন কৰে সন্মিলনৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক নয়ন কলিতাই।

৯-৪৫ ছহিদ মনিৰাম দেৱানৰ প্ৰতিচ্ছবিত  মাল্যাৰ্পন কৰে আদৰনি সমিতিৰ সভাপতি মধুৰাম ডেকাই। ইয়াৰ পাছত ছহিদ মণিৰাম দেৱান  দিৱসৰ লগত সংগতি ৰাখি 'ছহিদ মণিৰাম দেৱানৰ ত্যাগ আৰু স্মৃতি ' বিষয়ত এখন আলোচনা চক্ৰও অনুষ্ঠিত কৰা হয়।

সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় সভাপতি ডাঃ ৰমেন কুমাৰ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত এই আলোচনা চক্ৰত উপস্থিত থাকি বিটিআৰৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা ওদালগুৰিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ছহিদ গৰাকীক স্মৰণ কৰাৰ লগতে ভাষণত ছহিদ মণিৰাম দেৱানে আগবঢ়োৱা অৱদান আৰু ত্যাগক ভাৰতবাসীয়ে চিৰদিন মনত ৰাখিব বুলি উল্লেখ কৰে।

মনিৰাম দেৱানৰ ত্যাগ কেৱল কলিতা জনগোষ্ঠীৰ বাৱে নহয় ,সকলো জনগোষ্ঠীৰ বাৱেই প্ৰেৰনাদায়ক বুলিও বসুমতাৰীয়ে মন্তব্য কৰে। তেও জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়েও ভাষণত উল্লেখ কৰে। অনুষ্ঠানত সন্মিলনৰ উপদেষ্টা ত্ৰিদীপ কলিতা আৰু পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তাৰানাথ কলিতাই নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহন কৰি ছহিদ মনিৰাম দেৱানৰ অৱদানৰ বিষয়ে বাখ্যা কৰে। অনুষ্ঠানত  কলিতা জনগোষ্ঠীৰ সাংস্কৃতিক দলে অসমীয়া জনগোষ্ঠীয় পৰম্পৰা "মহোহো" পৰিৱেশন কৰে। উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে।

ওদালগুৰি