ওদালগুৰিৰ ভৈৰৱকুণ্ডত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ...

পুত্ৰ‌ই সুৰা পান কৰি এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে

author-image
Asomiya Pratidin
New Update
ওদালগুৰিৰ ভৈৰৱকুণ্ডত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ...

udalguri murder

ডিজিটেল সংবাদ, ওদালগুৰি :- ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড আৰক্ষী চকীৰ অন্তৰ্গত নৰ্জুনপাৰাত নিজ পুত্ৰৰ হাতত এগৰাকী মাতৃয়ে প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভুক্তভোগী পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে যে নৰ্জুনপাৰাৰ ৰাজু কৰ্মকাৰ কৰ্মসূত্ৰে ওদালগুৰিৰ বাহিৰত থাকে।

Advertisment

ঘৰত পত্নী হীৰা কৰ্মকাৰ আৰু একমাত্ৰ পুত্ৰ দীপু কৰ্মকাৰে বাস কৰে। শুকুৰবাৰে আবেলিলৈ তেওঁলোকৰ কোনো এজনকো দেখা নাপায় চুবুৰীয়া লোক ঘৰলৈ যায়। নাম ধৰি মাতাৰ পিছতো কোনো সঁহাৰি নোপোৱাত ভিতৰলৈ সোমাই যোৱাত হীৰা কৰ্মকাৰক মাটিত ঢলি পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

মহিলা গৰাকীৰ মূৰত আঘাতৰ চিন স্পষ্ট থকাৰ বিপৰীতে মুখেৰে তেজ ওলোৱা প্ৰত্যক্ষ কৰে। লগে লগে চুবুৰীয়া লোকে ভৈৰৱকুণ্ড আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মহিলা গৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে। ঘটনাটো বৃহস্পতিবাৰে নিশাই সংঘটিত হয় যদিও শুকুৰবাৰে আবেলিহে পোহৰলৈ আহে।

লাভ কৰা খবৰ মতে পুত্ৰ দীপু কৰ্মকাৰে মাকক মৰিয়াই হত্যা কৰি পলায়ন কৰে। কিন্তু কি কাৰণত পুত্ৰ দীপুৱে নিজৰ মাকক হত্যা কৰে সেই কথা জানিব পৰা হোৱা নাই যদিও পুত্ৰ‌ই সুৰা পান কৰি এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। মহিলা গৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থ কৰে আৰক্ষীয়ে।

assam murder udalguri bhairabkunda