ওদালগুৰিত কৃষক মেলা, কৃষকক সজাগ হ’বলৈ আহ্বান কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ…

ওদালগুৰিত কৃষক মেলা, কৃষকক সজাগ হ’বলৈ আহ্বান কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ…

author-image
asomiyapratidin
New Update
ওদালগুৰিত কৃষক মেলা, কৃষকক সজাগ হ’বলৈ আহ্বান কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ…

ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰি জিলা কৃষি বিভাগৰ উদ্যোগত শনিবাৰে আয়োজন কৰা হয় কৃষক মেলাৰ। খেতিয়ক সকলক সজাগ কৰাৰ লগতে বিভিন্ন সজুলীৰ ব্যৱহাৰ আৰু উন্নত পদ্ধতি প্ৰয়োগৰ বিষয়ে অবগত কৰোৱাৰ বাৱে আয়োজন কৰা এই কৃষি মেলা খন আনুষ্ঠানিকভাৱে মুকলি কৰে বি টি আৰৰ কৃষি বিভাগৰ কাৰ্য্য বাহী সদস্য ঘনশ্যাম দাসে।

Advertisment

মাটি পৰীক্ষা কেন্দ্ৰৰ নতুন ভৱনটোও উদ্ধোধন কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে। কৃষক সকলক সজাগ কৰাৰ বাৱেই এনে উদ্যোগ গ্ৰহন কৰা বুলি উল্লেখ কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে কয় বিনামূলীয়া চাউল পালে বুলি বহি থাকিলে নহ'ব। তেওঁ সকলো কৃষককে সক্ৰিয়তাৰ কৃষি ক্ষেত্ৰত নামি পৰিবলৈ আহ্বান জনায়।

assam udalguri guwahati