/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/adcf.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি: দেওবাৰে ওদালগুৰি চহৰৰ মাজমজিয়াৰ বাহিনীগাওঁৰ সমীপৱৰ্তী কাহিনলা নৈৰ দলঙৰ সমীপত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। আজি দিনৰ ভাগত মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
মৃতদেহটো ওদালগুৰিৰ বাহিনীগাওঁ ভেৰগাওঁৰ উন্নিছা নাৰ্জাৰীৰ বুলি চিনাক্ত কৰা হৈছে। মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট হৈ থকা মৃতদেহটোৰ কাষত উদ্ধাৰ হৈছে এএছ২৭ডি-৬৮৫১ নম্বৰৰ এখন মটৰ চাইকেল। মটৰচাইকেলখনৰ সন্মুখভাগ বেয়াকৈ ক্ষতি হয়। জানিব পৰা মতে, নিহত উন্নিছা নাৰ্জাৰী ওদালগুৰিৰ চান ফ্লাৱাৰ ৰেষ্টুৰেণ্ট কৰ্মচাৰী (কুক) আছিল।
সন্দেহ কৰা অনুসৰি নিশা ৰেষ্টুৰেণ্টৰ কৰ্তব্য সামৰি ঘৰলৈ গৈ থকা অৱস্থাতে দলংখনত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় যুৱকজনৰ। উল্লেখ্য যে উক্ত দলংখনৰ এটা দিশত নাছিল কোনোধৰণৰ ৰেলিং। লোকনিৰ্মাণ বিভাগ তথা প্ৰশাসনে এইক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাৰ বাবেই নিশা যুৱকজন দলংখনৰ তলৰ দিশে পৰি যোৱাৰ অভিযোগ উত্থাপিত হৈছে।
মৃতদেহটো পৰি থকা স্থানৰ তলত ডাঙৰ শিল থকালৈ লক্ষ্য কৰি যুৱকজন দূৰ্ঘটনাত পতিত হোৱাৰ সময়ত শিলত যথেষ্ট আঘাত পোৱাৰ সন্দেহ কৰা হৈছে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোন্নোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।