ন্যায় পালে কিশোৰীয়ে, অপহৰণকাৰীক ২০ বছৰৰ কাৰাদণ্ড

শনিবাৰে ওদালগুৰি জিলা বিশেষ ন্যায়ধীশ মহেন্দ্ৰ কলিতা আদালতে এগৰাকী অপৰাধীক POCSO আইনৰ অধীনত ২০ বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰে।
প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ওদালগুৰি: শনিবাৰে ওদালগুৰি জিলা বিশেষ ন্যায়ধীশ মহেন্দ্ৰ কলিতা আদালতে এগৰাকী অপৰাধীক POCSO আইনৰ অধীনত ২০ বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। ঘটনাটো সংঘটিত হৈছিল ২০২১ চনৰ ৫ নৱেম্বৰত।

ঘটনাটো সন্দৰ্ভত ওদালগুৰি জিলাৰ কলাইগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বৰকলা গাওঁৰ পূৱ কলিতাপাৰাৰ বাসিন্দা ৰুমীবালা নাথে দাখিল কৰা এজাহাৰ অনুসৰি উক্ত দিনাখন তেখেতৰ নাবালিকা কন্যাগৰাকী নিজ বাসভৱনৰ প্ৰৱেশ দুৱাৰৰ পৰা নিৰুদ্দেশ হৈছিল। বহুত বিচৰাৰ অন্ততো নিজ কন্যাক বিচৰাত ব্যৰ্থ হয় যদিও এক গোপন সূত্ৰৰ পৰা নাথে খবৰ লাভ কৰিছিল যে একেখন গাওঁৰে মিজাজুল হকে তেওঁৰ কন্যাক অপহৰণ কৰিছিল।

তাৰ পাছতেই ঘটনাৰ সন্দৰ্ভত নিজ মাতৃয়ে কলাইগাওঁ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত কলাইগাওঁ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ ধাৰাৰ অধীনত ১৬৪/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰি ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে। অনুসন্ধানৰ কালছোৱাত আৰক্ষীয়ে অভিযুক্ত হকক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত গোচৰটো ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতলৈ স্থানান্তৰ কৰা হয়। আদালতত চলা যুক্তি তৰ্কৰ অন্তত কালি আদালতে অপৰাধী মিজাজুল হকক ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬/৩৭৬(৩) নম্বৰ ধাৰা আৰু ৪/৬ নম্বৰ POCSO আইনৰ ধাৰাৰ অধীনত ২০ বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে দহ হাজাৰ টকাৰ জৰিমনা বিহে।

আৰু পঢ়ক:

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in