ওদালগুৰিত অসম ভিত্তিত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ

ওদালগুৰিত অসম ভিত্তিত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ

author-image
asomiyapratidin
New Update
ওদালগুৰিত অসম ভিত্তিত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ

ডিজিটেল সংবাদ, ওদালগুৰি: পোন প্ৰথমবাৰৰ বাবে ওদালগুৰি সন্মিলিত যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অহা ২৮ এপ্ৰিলত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত মুকলি বিহু প্রতিযােগিতা আৰু জনগােষ্ঠীয় সাংস্কৃতিক সমাৰােহ।

Advertisment

উক্ত কাৰ্যসূচীৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰা দেখা গৈছে। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বিহুৰ কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰৰ পুৱা ৯ বজাত বিহু পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি মিনন মােছাহাৰীয়ে, পুৱা ৯-৩০ বজাত স্মৃতি তর্পণ কাৰ্যসূচী মুকলি কৰিব উদযাপন সমিতিৰ সাধাৰণ সম্পাদক গুণজিৎ দাসে।

বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'ব সদৌ অসম ভিত্তিত মুকলি বিহু প্রতিযোগিতা আৰু জনগােষ্ঠীয় সাংস্কৃতিক সমাৰােহ। বন্তি প্ৰজ্বলন কৰিব উদযাপন সমিতিৰ পৃষ্ঠপােষক অৰুণ কুমাৰ দাসে, প্ৰয়াত হনুমান প্ৰসাদ বাজাজ সোঁৱৰণী বিহুতলী উদ্বোধন কৰিব বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদহ্য তথা বিধায়ক গােবিন্দ চন্দ্র বসুমতাৰীয়ে।

অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব সাংসদ দিলীপ শইকীয়া, মাজবাটৰ বিধায়ক চৰণ বড়াে, বি টি চিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, প্রাক্তন মন্ত্রী ৰিহণ দৈমাৰী, বি টি চি পৰিষদীয় সদস্য ফ্রেছ মােছাহাৰী, ওদালগুৰি জিলা উপায়ুক্ত ডাঃ পি উদয় প্রবীণ, আৰক্ষী অধীক্ষক হিৰণ্য বর্মন, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ শৰ্মা, নিখিল বড়াে ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়াে, ওদালগুৰিৰ খণ্ড উন্নয়ন বিষয়া মনােজ কুমাৰ বণিয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিতােপন দাস আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক মুকুট দাস।

উক্ত মুকলি বিহু প্রতিযােগিতাত প্ৰয়াত ৰমেশ দাস আৰু প্ৰয়াত কমল দাসৰ সোঁৱৰণত প্ৰথম পুৰস্কাৰ নগদ ৫০ হেজাৰ টকা প্ৰদান কৰিব অৰুণ কুমাৰ দাস আৰু পৰিয়ালবৰ্গ‌ই। প্ৰয়াত সােমবাৰ ৰাভা আৰু প্ৰয়াত দুঘৰী ৰাভাৰ সোঁৱৰণত দ্বিতীয় পুৰস্কাৰ নগদ ৩০ হেজাৰ টকা প্ৰদান কৰিব হেমচন্দ্ৰ ৰাভা আৰু পৰিয়াল বৰ্গ‌ই। প্ৰয়াত প্রদীপ কুমাৰ তালুকদাৰৰ সোঁৱৰণত তৃতীয় পুৰস্কাৰ নগদ ২০ হেজাৰ টকা প্রদান কৰিব মঞ্জু দেৱী আৰু পৰিয়ালবৰ্গই।

আনহাতে প্ৰয়াত ভৱানীবালা দাসৰ সোঁৱৰণত শ্রেষ্ঠ বৰ বিহুৱতীলৈ নগদ ১০ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব প্ৰহ্লাদ চন্দ্র দাস আৰু পৰিয়ালবৰ্গই। প্ৰয়াত লেহুৰাম ডেকাৰ সোঁৱৰণত শ্রেষ্ঠ বিহুৱালৈ নগদ পাঁচ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব ডি এইচ ত্রিনয়ন অফছেট প্রেছে।

প্ৰয়াত প্রিতমজ্যোতি দাসৰ সোঁৱৰণত শ্রেষ্ঠ ঢুলীয়ালৈ নগদ পাঁচ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব বনমালী দাস আৰু পৰিয়ালবৰ্গই। প্ৰয়াত কুমুদ দাসৰ সোঁৱৰণত শ্রেষ্ঠ পেঁপাবাদকলৈ নগদ পাঁচ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব বিজয়া দাস আৰু পৰিয়ালবৰ্গই। উক্ত মুকলি বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ কাৰ্যসূচীত সমূহ ওদালগুৰিৱাসী ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।

আৰু পঢ়ক: ঝুকেগা নেহী ভঙ্গী প্ৰদৰ্শন জিগনেশৰ, ১ দিনৰ বাবে ন্যায়িক জিম্মালৈ…

assam bihu