/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ee97d5fb-b7e1-49cc-8fb5-e8d3b45b0f6d/udalguri.jpg)
udalguri arrest
ডিজিটেল সংবাদ, ওদালগুৰি : দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে সোমবাৰে ওদালগুৰিত অভিযান চলাই আৱকাৰী বিভাগৰ কনিষ্টবল এজনক ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলায়।
তথ্য অনুসৰি সোমবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ওদালগুৰি চহৰৰ মাজ-মজিয়াত থকা প্ৰীঞ্চ নামৰ ৱাইনশ্বপ এখনত গোপন খবৰৰ ভিত্তিত দলটোৱে অভিযান চলায়। অভিযানকালত জিলা আৱকাৰী বিভাগৰ কৰ্মচাৰী তৰুণ বসুমতাৰী নামৰ কনিষ্টবলজনক দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৪০ হাজাৰ টকা ঘোচ লৈ থকাৰ অৱস্থাত গ্ৰেপ্তাৰ কৰে।
অভিযানকাৰী দলটোৱে সাংবাদিকৰ সন্মুখত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই যদিও গোপন সূত্ৰৰ ভিত্তিতেই এই অভিযান চলোৱা কথা জানিব পৰা গৈছে। এক সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ধৃত বসুমতাৰীয়ে আৱকাৰীৰ এটা গোচৰ পঞ্জীয়ন নকৰাৰ ফলত অভিযোগকাৰীক সকাহ দিয়াৰ বাবে অভিযোগকাৰীৰ পৰা ৪০ হাজাৰ টকা উৎকোচ হিচাপে গ্ৰহণৰ সময়তে অভিযানকাৰী দলটোৱে হাতে লোতে ধৰে।