Advertisment

অসমত UCC কাৰ্যকৰীকৰণত আহিব নেকি আইনী বাধা? ন্যায়ালয়ত চলি আছে গোচৰ...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত কয় যে, উত্তৰাখণ্ডত আজিৰে পৰা ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰা হৈছে। অতি শীঘ্ৰেই অসমতো ইয়াক কাৰ্যকৰী কৰা হ’ব।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
UCC কাৰ্যকৰীকৰণত অসমত আছে আইনী জটিলতা ! উচ্চ ন্যায়ালয়ত চলি আছে গোচৰ...

ডিজিটেল ডেস্কঃ ইউনিফৰ্ম চিভিল কোড চমুকৈ ইউ চি চি কাৰ্যকৰী কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে উত্তৰাখণ্ড। বিজেপি শাসিত ৰাজ্যখনত আজিৰে পৰা ইউ চি চি আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰাৰ পাছতে অসমতো ইয়াৰ কাৰ্যকৰীকৰণক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে। 

Advertisment

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত কয় যে, উত্তৰাখণ্ডত আজিৰে পৰা ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰা হৈছে। অতি শীঘ্ৰেই অসমতো ইয়াক কাৰ্যকৰী কৰা হ’ব।

মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ বিপৰীতে অৱশ্যে অসমত ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু জটিলতাও আছে বুলি জানিব পৰা গৈছে। কিয়নো অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত মুছলমানৰ বিবাহ আইনক লৈ শপতনামা দাখিলত ব্যৰ্থ হৈছে।

অসমত ইউ চি চি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ সন্মুখত প্ৰধান বাধা হিচাপে থিয় দিছে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন। এই আইনখনৰ বাবেই অসম চৰকাৰে এই পৰ্যন্ত ইউ চি চি কাৰ্যকৰী কৰিব পৰা নাই।

মু্খ্যমন্ত্ৰী ড০ শৰ্মাই আজি উত্তৰাখণ্ডত ইউ চি চি কাৰ্যকৰী কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ দেশৰ আন প্ৰান্তৰ লগতে অসমতো এই আইন কাৰ্যকৰী কৰিব কৰিব বুলি কৈছে যদিও তেওঁৰ মন্তব্যত অৱশ্য স্পষ্ট হোৱা নাই কেতিয়া এই আইন কাৰ্যকৰী হ’ব।

মন কৰিবলগীয়া যে, অসম চৰাকৰে এক কেবিনেট বৈঠকত মুছলমান বিবাহ আৰু বিবাহে বিচ্ছেদ পঞ্জীয়ন আইন বাতিল কৰিছিল। একেদৰে এই কেবিনেট বৈঠকতে কাজিসকলৰো অনুজ্ঞাপত্ৰ বাতিল কৰিছিল। ইয়াৰ স্থানত অসম চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰে।

অসম চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় কাজি সন্থা। অসম চৰকাৰে নতুনকৈ প্ৰণয়ন কৰা এই আইনখনৰ বৈধতা সন্দৰ্ভত ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে কাজি সন্থাই। 

তেওঁলোকৰ অভিযোগ অসম চৰকাৰৰ কেবিনেটে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিল কৰাৰ সিদ্ধান্ত আইনৰ পৰিপন্থী। এই লেখ আবেদনৰ ভিত্তিতে তিনিমাহ পূৰ্বে ন্যায়ালয়ে এক জাননী জাৰি কৰি অসম চৰকাৰক ২৪ জানুৱাৰীৰ ভিৰত শপতনামা দাখিল কৰিবলৈয়ো নিৰ্দেশ দিয়ে।

কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত অসম চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত শপতনামা দাখিলত ব্যৰ্থ হয়।ইয়াৰ পৰিবৰ্তে অসম চৰকাৰৰ মহাধিবক্তাই শপতানামা দাখিলৰ বাবে অতিৰিক্ত সময় বিচাৰে। 

ন্যায়ালয়ে পুনৰ শপতনামা দাখিলৰ বাবে অসম চৰকাৰক অতিৰিক্ত ৩ সপ্তাহৰ সময় নিৰ্ধাৰণ কৰি দিছে। এনে পৰিস্থিতিত এতিয়া ন্যায়ালয়ৰ মজিয়াত বিচাৰাধীন এটা বিষয়ৰ ওপৰত অসম চৰকাৰে কিদৰে সিদ্ধান্ত ল’ব তাক লৈ প্ৰশ্ন উঠিছে। এই গোচৰটোৰ ৰায় নহালৈকে যে, অসমত ইউ চি চি কাৰ্যকৰী কৰাত জটিলতাৰ অন্ত নপৰিব সেয়া নিশ্চিত। 

ড০ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উচ্চ ন্যায়ালয়