Advertisment

কোকৰাঝাৰত অস্ত্ৰসহ দুই যুৱক আটক...

কোকৰাঝাৰত অস্ত্ৰসহ দুই যুৱক আটক...

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত অস্ত্ৰসহ দুই যুৱক আটক...

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ পাটগাঁও বজাৰত ৰিভলভাৰ সহিতে দুই যুৱকক পাটগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰিভলভাৰৰ সৈতে আটক হোৱা যুৱক দুজন ক্ৰমে বিটুৱেল বসুমতাৰী আৰু সুভাষ বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে বিটুৱেল বসুমতাৰী কোকৰাঝাৰৰ থাইছুগুৰীৰ আৰু সুভাষ বসুমতাৰী পুৰণা ঝাৰবাৰীৰ বাসিন্দা বুলি জানিব পৰা গৈছেে ।

Advertisment

আৰক্ষী সূত্ৰই সদৰি কৰা মতে এক বিশেষ সূত্ৰৰ পম খেদি পাটগাঁও আৰক্ষীয়ে কাৰিগাঁওৰ পৰাই উক্ত যুৱক দুজনক অনুসৰণ কৰি আহিছিল। যুৱকদ্বয়ৰ হাতত ৰিভলভাৰ থকা বুলি আৰক্ষীয়ে বিশেষ সূত্ৰে গম পাইছিল। তেওঁলোক পাটগাঁও বজাৰত ঘূৰা-পকা কৰোতেই পাটগাঁও আৰক্ষীয়ে ৰিভলভাৰ সহিতে যুৱক দুজনক আটক কৰে ৷ অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে যুৱকদ্বয়ক মাৰাথান জেৰা অব্যাহত ৰাখিছে।

ইপিনে ক্ষন্তেক সময় পূৰ্বে ছেৰফাংগুৰী আৰক্ষী আৰু বিছমুৰী আৰক্ষীয়ে যৌথ অভিযান চলাই বিশমুৰী এলেকাৰ পৰা পুনৰ আন এজনক আটক কৰিছে। তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে অদ্যপি নাম-ঠিকনা প্ৰকাশ কৰা নাই। ৰিভলভাৰটো কোনে কি উদ্দেশ্যত আনিছিল সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । নিশালৈ পুনৰ অভিযান চলিব বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে শান্তিৰ কোকৰাঝাৰত পুনৰ ৰিভলভাৰ উদ্ধাৰ হোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে।

Also Read: কৰ্মসংস্থান বিচাৰি বহিঃৰাজ্যলৈ গৈ পুনৰ প্ৰাণ হেৰুৱালে অসমৰ যুৱকে

kokrajhar