নাগালেণ্ডত উদ্ধাৰ অসমৰ দুই যুৱকৰ মৃতদেহ

পুনৰ বহিঃৰাজ্যত হত্যা অসমৰ যুৱকক! নাগালেণ্ডৰ মন জিলাৰ আংচেঙীয়াত উদ্ধাৰ ২ যুৱকৰ মৃতদেহ। সোমবাৰে পোহৰলৈ আহে এই ঘটনা।

author-image
Asomiya Pratidin
New Update
নাগালেণ্ডত উদ্ধাৰ অসমৰ দুই যুৱকৰ মৃতদেহ

ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত হত্যা অসমৰ যুৱকক! নাগালেণ্ডৰ মন জিলাৰ আংচেঙীয়াত উদ্ধাৰ ২ যুৱকৰ মৃতদেহ। সোমবাৰে পোহৰলৈ আহে এই ঘটনা।

Advertisment

অৰ্ধ উলংগ অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা যুৱক দুজন সোণাৰিৰ বুলি জানিব পৰা গৈছে। মৃতদেহ দুটা ললিত নাওহলীয়া আৰু উৎপল তাছা বুলি চিনাক্ত হৈছে।

২২ ছেপ্টেম্বৰত নাগালেণ্ডলৈ গৈছিল ললিত আৰু উৎপল। ২৩ ছেপ্টেম্বৰত ঘূৰি অহাৰ পথত যোগাযোগ বিচ্ছিন্ন হৈছিল দুয়োজনৰে লগত। তাৰ পাছতে ৰহস্যজনকভাৱে উদ্ধাৰ হয় দুয়োৰে মৃতদেহ। অৱশ্যে কি কাৰণে তেওঁলোক নাগালেণ্ডলৈ গৈছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই।

তেওঁলোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃত মৃত্যুৰ কাৰণ। যুৱকদুজনৰ মৃতদেহ এটা জলপ্ৰপাতৰ কাষত উদ্ধাৰ হোৱাৰ লগতে এখন বাহনো উদ্ধাৰ হয়।

Also Read: দেশ-বিদেশৰ পৰ্যটকক আদৰিবলৈ সাজু কাজিৰঙা হাট

nagaland