অনূৰ্ধ্ব ১৯ ভিনু মানকাড় ট্ৰ'ফী ক্ৰিকেট প্ৰতিযোগিতাত অসমৰ হৈ খেলাৰ সুযোগ লাভ বিশ্বনাথৰ দুই যুৱ খেলুৱৈৰ

author-image
Asomiya Pratidin
New Update
অনূৰ্ধ্ব ১৯ ভিনু মানকাড় ট্ৰ'ফী ক্ৰিকেট প্ৰতিযোগিতাত অসমৰ হৈ খেলাৰ সুযোগ লাভ বিশ্বনাথৰ দুই যুৱ খেলুৱৈৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ : অহা ৭ অক্টোবৰৰ পৰা বড়োডাত অনুষ্ঠিত হ'বলগীয়া অনূৰ্ধ্ব ১৯ ভিনু মানকাড় ট্ৰ'ফী ক্ৰিকেট প্ৰতিযোগিতাত অসম ক্ৰিকেট দলৰ হৈ খেলাৰ সুযোগ লাভ কৰি সমগ্ৰ বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে জিলাখনৰ দুই প্ৰতিভাৱান যুৱ খেলুৱৈয়ে।

Advertisment

১৯ বছৰ অনূৰ্ধ্ব ভিনু মানকাড় ট্ৰ'ফী উক্ত প্ৰতিযোগিতাত অসম ক্ৰিকেট দলৰ হৈ খেলাৰ সুযোগ লাভ কৰি দক্ষতা প্ৰতিপণ্ণ কৰিবলৈ সক্ষম হোৱা যুৱ খেলুৱৈ দুগৰাকী হৈছে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ডফলাগড়ৰ শ্ৰৱণ কুমাৰ খাউণ্ড আৰু বিশ্বনাথ মহকুমাৰ অন্তৰ্গত পাভৈৰ দক্ষ দাস।সুদীৰ্ঘ আঠ বছৰৰ পিছত বিশ্বনাথ জিলাৰ পৰা এনেদৰে দুগৰাকী খেলুৱৈয়ে অসম ক্ৰিকেট দলৰ হৈ খেলাৰ সুযোগ লাভ কৰাৰ আশাব্যঞ্জক খবৰটোৱে জিলাখনৰ ক্ৰীড়া প্ৰেমী ৰাইজক যথেষ্ট উৎসাহিত কৰি তুলিছে।

ধৈৰ্য্য, একাগ্ৰতা,কঠোৰ অধ্যৱসায় আৰু নিয়মিত অনুশীলনৰ মাজেৰে অসম ক্ৰিকেট দলৰ হৈ খেলাৰ সুযোগ লাভ কৰা শ্ৰৱণ কুমাৰ খাউণ্ড আৰু দক্ষ দাসক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছে জিলাখনৰ ক্ৰীড়া প্ৰেমী ৰাইজে।অহা ৭ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া উক্ত ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ পাৰদৰ্শিতা ফুটাই তুলি কৃতিত্ব বুটলি আনিবলৈ দুই খেলুৱৈ শ্ৰৱণ কুমাৰ খাউণ্ড আৰু দক্ষ দাসে এতিয়া গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত নিয়মিত অনুশীলন কৰি আছে।

assam cricket india