বদৰপুৰত দুজন ইউক্ৰেনৰ নাগৰিকক আটক

বদৰপুৰত দুজন ইউক্ৰেনৰ নাগৰিকক আটক

author-image
asomiyapratidin
New Update
বদৰপুৰত দুজন ইউক্ৰেনৰ নাগৰিকক আটক

ডিজিটেল সংবাদ,শিলচৰ: বৈধ ভিছা আৰু পাচপ'ৰ্ট নথকাৰ অভিযোগত কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনত দুজন ইউক্ৰেনৰ নাগৰিকক আটক কৰা হয় ৷ নিয়মীয়া তালাচীৰ সময়ত বদৰপুৰ ৰেল আৰক্ষীয়ে আটক কৰে বিদেশী নাগৰিক দ্বয়ক ৷

Advertisment

ধৃত বিদেশী দুজন ক্ৰিশচিনস্কি ভলোডিমিৰ (৩৯) আৰু নাজাৰী ভোজনিউক (২১) বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰে ক্ৰিশচিনস্কিৰ ঘৰ ইউক্রেনৰ ঝিবোমিৰ প্ৰদেশৰ নোভো ইভানুস্কা চহৰত আৰু নাজাৰী ঝিটোমিৰস্কি অঞ্চলৰ বাৰডিচেভ লুপোভো চহৰৰ বাসিন্দা ৷ আগৰতলা- নতুদিল্লী অভিমুখী ত্রিপুৰা সুন্দৰী এক্সপ্রেছৰ পৰা আটক কৰা হয় ইউক্রেনৰ নাগৰিক দুজনক৷

আৰক্ষীয়ে সদৰী কৰামতে, কৰ্তব্যৰত ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী চলোৱাৰ সময়ত বিদেশী নাগৰিক দুজনক দেখি সন্দেহ ঘনীভূত হয় ৷ তেওঁলোকক জেৰা কৰাৰ পিচত দুয়োজন ইউক্রেনৰ নাগৰিক বুলি পৰিচয় দিয়ে ৷ আৰক্ষীয়ে তেওলোকৰ পৰা বৈধ ভিছা আৰু পাচপৰ্ট বিছৰাত বিদেশী দুজনে কোনো নথি দেখুৱাব নোৱাৰিলে৷ ভিছা সহ বৈধ যাবতীয় নথিপত্ৰ লৈয়ে তেওলোক ভাৰতলৈ আহিছিল ৷

কিন্তু কোনো স্থানত সেই নথিপত্ৰবোৰ চুৰি হৈ যায় বুলি আৰক্ষীক অবগত কৰে বিদেশী দুজনে ৷ ইয়াৰ পিচত আৰক্ষীয়ে দিল্লীস্থিত ইউক্রেনৰ এমবেছিৰ লগত যোগাযোগ অব্যাহত ৰাখিছে ৷ লগতে কি উদ্দেশ্যে তেওঁলোক ইউক্রেনৰ পৰা ভাৰতত প্ৰবেশ কৰিলে তাৰো তথ্য উদ্ঘাটন কৰিবলৈ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ বৰ্তমান ৰেলৱে আৰক্ষীৰ জিম্মাতে আছে বিদেশী দুজন ৷

আৰু পঢ়ক: বিহু নি:সন্দেহে ধৰ্মীয় পৰ্ব,ইফটাৰ খালেই আমি মুছলমান হৈ নাযাও: সিদ্ধাৰ্থ ভট্টাচাৰ্য

assam ukraine Assam police