লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত কেলেংকাৰী, নিলম্বন দুই কৰ্তব্যৰত প্ৰযুক্তিবিদ…

লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত কেলেংকাৰী, নিলম্বন দুই কৰ্তব্যৰত প্ৰযুক্তিবিদ…

ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীৰ কঠোৰ স্থিতিৰ পাছতো নিয়ন্ত্ৰণলৈ অহা নাই উৎকোচ লোৱা ঘটনাৰ । লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত উৎকোচ লৈ ধৰা পৰিল দুই প্ৰযুক্তিবিদ । চিটি স্কেন কৰাৰ বাবদ ৰোগীৰ পৰা ধন দাবী কৰি গ্ৰেপ্তাৰ হোৱা এই ব্যক্তিদুগৰাকীৰ নাম ক্ৰমে ধৈৰ্য্য বুঢ়াগোহাঞি আৰু তুলতুল দাস । 

উল্লেখ্য যে, ৰবিবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ দুগৰাকী ৰোগী ক্ৰমে হেমলতা শইকীয়া আৰু উৰ্মিলা দাসৰ পৰা চিটি স্কেনৰ বাবে দুয়োগৰাকী ৰোগীৰ পৰা ১৬০০ টকাকৈ উৎকোচ লোৱাৰ অভিযোগ তুলিছিল ৰোগীদুগৰাকীৰ পৰিয়ালে । আনহাতে, উৰ্মিলা দাসৰ পৰিয়ালে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ কাষ চপাৰ দাবী কৰাৰ পাছত টকাখিনি উভতাই পায় যদিও হেমলতা শইকীয়াক উভতাই দিয়া নহয় কোনো ধন । লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিটি স্কেনৰ দ্বায়িত্বত আছে স্পন্দন নামৰ এটি প্ৰতিষ্ঠান । ৰোগী দুগৰাকীৰ অভিযোগৰ ভিত্তিত  ইতিমধ্যেই প্ৰতিষ্ঠানটোৱে কৰ্তব্যৰত ব্যক্তি দুগৰাকীক নিলম্বন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in