বিদ্যালয়তে প্ৰচণ্ড মাৰপিটত লিপ্ত শিক্ষক

 বিদ্যালয়তে প্ৰচণ্ড মাৰপিটত লিপ্ত শিক্ষক

ডিজিটেল সংবাদ, বঢ়মপুৰঃ : নগাঁও জিলাৰ বামুনীৰ এখন শিক্ষানুষ্ঠানত দুই শিক্ষকে সানিলে কালিমা। বিদ্যালয়তে প্ৰচণ্ড মাৰপিটত লিপ্ত হৈ শিক্ষানুষ্ঠান খনৰ দুই শিক্ষক।শিক্ষকৰ যুদ্ধত শিক্ষানুষ্ঠান পৰিণত হ'ল ৰণক্ষেত্ৰলৈ।

বঢ়মপুৰৰ সমীপৱৰ্তী বামুনী মধ্য ইংৰাজী বিদ্যালয়ত দুই শিক্ষকৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। সহকাৰী শিক্ষক মধুসূদন গুপ্তাই নৱ বৰাক উপৰ্যুপৰি আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। এই মাৰপিটৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শিক্ষক নৱ বৰা। শিক্ষক নৱ বৰাৰ মুৰত গুৰুতৰ আঘাটৰ চিন স্পষ্ট। ঘটনাটো সংঘটিত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিক্ষানুষ্ঠানখনত।

ঘটনা সংঘটিত কৰা অভিযুক্ত শিক্ষকজনক কাৰ্যালয়ত তলা মাৰি আবদ্ধ কৰি থ'লে স্থানীয় ৰাইজে। দুই শিক্ষকসহ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক ৰাইজৰ অভিযোগৰ ভিত্তিত আটক কৰি পুৰণিগুদাম আৰক্ষী চকীলৈ লৈ যায় উপস্থিত আৰক্ষীৰ এটা দলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in