মৰিয়নিৰ দুই ছাত্ৰী নিখোজঃ গুৱাহাটীত ওলাইছে দুয়োৰে লোকেশ্যন...

মৰিয়নিৰ দুই ছাত্ৰী নিখোজঃ
মৰিয়নিৰ দুই ছাত্ৰী নিখোজঃ

ডিজিটেল সংবাদ,মৰিয়নিঃ মৰিয়নিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীন হ’ব লগীয়া দুগৰাকী ছাত্ৰী বিগত পাঁচদিনে নিখোজ হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।উল্লেখ যে চলিত সপ্তাহৰ সোমবাৰৰ পৰা মৰিয়নিৰ নাগাজংকা কল্যাণপুৰৰ দুগৰাকী নাবালিকা সন্ধানহীন হৈ আছে।

সন্ধানহীন ছাত্ৰী দুগৰাকী মৰিয়নি ১নং কল্যাণ পুৰৰ নিত্য কোচৰ কণ্যা অনুস্কা কোচ আৰু ২ নং কল্যাণ পুৰৰ কৰুণা চুতীয়াৰ কণ্যা গায়ত্ৰী চুতীয়া।সোমবাৰে দুই ছাত্ৰী একেলগে নিজ গৃহৰ পৰা ওলাই গৈছিল। ইপিনে ছাত্ৰী দুগৰাকীৰ নিখোজ সন্দৰ্ভত মৰিয়নি আৰক্ষীক পৰিয়ালে এজাহাৰ প্ৰদান কৰিছে। শেহতীয়াকৈ আৰক্ষীয়ে দুয়োগৰাকী ছাত্ৰীৰ লোকেশ্যন ট্ৰেক কৰিছে। গুৱাহাটীৰ ৰাজগড়ত ওলাইছে দুয়োৰে লোকেশ্যন।

উল্লেখ যে, গায়ত্ৰী চুতীয়া এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল।আনহাতে অনুষ্কা নামৰ সন্ধানহীন ছাত্ৰ গৰাকীয়ে ঘৰৰ এগৰাকী বায়েকলৈ হোৱাটচএপ যোগে “আমি ভালে আছোঁ।আমাৰ কাৰনে চিন্তা কৰিব নালাগে।আমি লৰাৰৰ লগত নাই।আমি দুয়োজনী একে লগে ধুনীয়াকৈ আছোঁ।” বুলি বুধবাৰে এটা মেচজ প্ৰদান কৰে যদিও ক’ত আছে উল্লেখ কৰাৰৰ পৰা বিৰত থাকে।

আনহাতে ছাত্ৰী দুগৰাকীৰ হাতত থকা ম’বাইলৰ লোকেশ্বনৰ যোগেদি সন্ধান ওলিৱাৰ ক্ষেত্ৰত মৰিয়নি আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।ছাত্ৰী দুগৰাকীৰ জীৱনক লৈ শংকিত হৈ পৰিছে পৰিয়ালৰ লোক। কোনো নাৰী দেহ ব্যৱসায়ী চক্ৰৰ প্ৰলোভনৰ কবলত পৰাৰ সন্দেহ কিশোৰী দুগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in