/asomiyapratidin/media/media_files/2025/03/11/rMWeiuN7sNnFCwPwgcIu.jpg)
প্ৰতিভাৱান খেলুৱৈৰ অকাল মৃত্যু
ডিজিটেল সংবাদ, জামুগুৰিহাট: দুগৰাকী প্ৰতিভাৱান খেলুৱৈৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ জামুগুৰিহাটত ৷ জামুগুৰিহাটৰ কোৱামৰা গাঁৱৰ জিলা পৰ্য্যায়ৰ ক্ৰিকেট খেলুৱৈ শান্তনু প্ৰতীম দাসৰ এক পথ দূৰ্ঘটনাত পতিত হৈ মঙলবাৰে অকাল মৃত্যুক সাৱতি লয় ৷ ২নং লালটাপু প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আছিল শান্তনু। ৮ মাৰ্চত সংঘটিত এটি পথ দূৰ্ঘটনাত পতিত হৈ গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷
আনহাতে জামুগুৰিহাটৰে বৰহমপুৰ গাঁৱৰ ৰাজ্যিক পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ শৈল্যজা বাৰুতিয়ে সোমবাৰে নিশা আত্মহননৰ পথ বাচি লয়৷ শৈল্যজা বাৰুতিয়ে কি কাৰণত আত্মহননৰ পথ বাচি ল’লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। দুয়োগৰাকী প্ৰতিভাৱান খেলুৱৈৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটিতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে৷