পানীৰ দৰত বিক্ৰী হ’ব অসমৰ দুই কাগজ কলৰ পাহৰসম সম্পত্তিঃ JACRU ৰ তীব্ৰ প্ৰতিবাদৰ হুংকাৰ…

পানীৰ দৰত বিক্ৰী হ’ব অসমৰ দুই কাগজ কলৰ পাহৰসম সম্পত্তিঃ JACRU ৰ তীব্ৰ প্ৰতিবাদৰ হুংকাৰ…

ডিজিটেল সংবাদ জাগীৰোডঃ ৰাষ্ট্ৰীয়তাবাদ আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ নামত পানীৰ দৰত বিক্ৰী হ'বলৈ গৈছে নগাঁও আৰু কাছাৰ কাগজ কলৰ ২০০০ একৰ মাটিসহ অত্যাধুনিক যন্ত্ৰপাতি। প্ৰধানমন্ত্ৰীৰ মুখত আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰতিজ্ঞাবদ্ধতাৰ কথা ফুটি থকাৰ পিচতো এচিয়াৰ বৃহত্তম নগাঁও আৰু কাছাৰ কাগজ কল বন্ধ কৰি বিদেশৰ পৰা বছৰি প্ৰায় ৮০,০০০ হাজাৰ (আশী হাজাৰ ) কোটি টকাৰ পাল্প ও কাগজ আমদানি কৰি দেশক পৰনিৰ্ভৰশীল কৰাৰ তথ্য প্ৰকাশ পাইছে সংসদত।

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীৰ ব্যক্তব্যত সংসদত প্ৰমানীত হৈছে এই কথা। ইয়াৰ পিছতেই পানীৰ দৰত বিক্ৰী কৰিবলৈ লোৱা কাগজ কল দুটাৰ প্ৰসংগত গৰজি উঠিছে জাকৰু' (JACRU)। সংগঠনটোৰ স্পষ্ট স্থিতি, ৰাষ্ট্ৰৰ সম্পত্তি ৰাষ্ট্ৰৰ হাততেই থাকিব লাগিব, পেলনীয়া সামগ্ৰীৰ মূল্যত ব্যক্তিগত কোম্পানীক হস্তান্তৰিত কৰিব নোৱাৰিব। আৰু যদি সেই প্ৰচেষ্টা কৰা হয়, তেতিয়া হ'লে কোনো কাৰণত মাটি ও সম্পত্তি অধিগ্ৰহণ কৰিবলৈ দিয়া নহ'ব।

সংগঠনটোৰ দাবী অসমৰ কাগজ কল দুটা পুনৰ্জীৱিত কৰাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি, ৰাষ্ট্ৰবাদ আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰতিজ্ঞাক সন্মান কৰি মিল দুটাক পুনৰাই উৎপাদনক্ষম কৰিব লাগিব। কাৰন কেন্দ্ৰ আৰু ৰাজ্য মিলি ডবল ইঞ্জিনৰ চৰকাৰ। কেন্দ্ৰ চৰকাৰে প্ৰস্তাবিত পেকেজ আবণ্টন দি ৰাজ্য চৰকাৰৰ সহায়ত মিল দুটা পুনৰ কাৰ্যক্ষম কৰাৰ সকলো ব্যবস্থা কৰিব লাগিব।

এনে পদক্ষেপে অসমৰ যুৱ সমাজৰ বাবে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে কমেও ৪ লক্ষাধিক কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিব। উল্লেখ্য যে, ২০২১চনৰ মে' মাহত কাগজ কলৰ সম্পত্তিৰ নূন্যতম মূল্য ১১৩৯ কোটি টকা ধাৰ্য কৰা হৈছিল।, কিন্তু যোৱা ১৫ ফেব্ৰুৱাৰী ২০২২ তাৰিখৰ নিলাম জাননী মতে সেই মূল্য কমাই ৪২৯ কোটি টকা কৰা হৈছে। ইয়াৰ পিছত হয়টো এই কাগজ কল দুটাৰ মূল্য আৰু কমায় অনা হ'ব। চৰকাৰৰ এই পদক্ষেপক সেয়ে দেশ বিৰোধী আৰু আত্মঘাতী পদক্ষেপ বুলি কৈছে জাকৰুৱে।

ইফালে ৬১ মাহ ধৰি দৰমহা বন্ধ কৰি ৰখাৰ বাবে আৰ্থিক দিনতা আৰু চিকিৎসাৰ অভাৱত এতিয়ালৈকে কাগজ কলটোৰ ৯৯ জন শ্ৰমিকক মৃত্যুবৰণ কৰিবলৈ বাধ্য কৰোৱা হৈছে বুলিও কৈছে জাকৰুৱে।

জাকৰুৱে আশা কৰিছে যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাষ্ট্ৰবাদ আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰতিজ্ঞাক সন্মান কৰিব আৰু ব্যক্তিগত কোম্পানীক কাগজ কলৰ সম্পদ হস্তান্তৰ কৰাৰ পৰা বিৰত থাকিব। আৰু ইয়াৰ বিৰুদ্ধে গ'লে সংগঠনটোৱে তীব্ৰ প্ৰতিৰোধ গঢ়ি তুলিব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পানীৰ দৰত কাগজ কল দুটাৰ বিক্ৰীৰ সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তীব্ৰ প্ৰতিৰোধৰ হুংকাৰ দিয়াৰ উপৰিও ইয়াৰ বাবে সৃষ্টি হ'ব পৰা সকলোধৰণৰ পৰিস্থিতিৰ সৈতেও মোকাবিলা কৰিবলৈ সাজু হৈ আছে বুলি স্পষ্টকৈ উল্লেখ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in