এটা পঞ্জীয়ন নম্বৰৰ দুখনকৈ মটৰ চাইকেল জব্দ...

আৰক্ষীয়ে জব্দ কৰিলে দুয়োখন বাহন

author-image
Asomiya Pratidin
New Update
এটা পঞ্জীয়ন নম্বৰৰ দুখনকৈ মটৰ চাইকেল জব্দ...

BIKE BIKE

ডিজিটেল সংবাদ নগাঁও : নগাঁৱত আজব ঘটনা ৷ একে পঞ্জীয়নৰ দুখন মটৰ চাইকেল ৷ নগাঁৱৰ ইটাচালী টাউন আৰক্ষী চকীৰ আৰক্ষীয়ে জব্দ কৰিছে দুখন মটৰ চাইকেল ৷ দুয়োখন মটৰ চাইকেলৰে পঞ্জীয়ন নম্বৰ এটা এ এছ ১২ এক্স ৬৫৫০ ৷

Advertisment

নতুন বজাৰৰ এটা গেৰেজৰ পৰা জব্দ কৰা হৈছে একে নম্বৰৰ মটৰ চাইকেল দুখন ৷ চামগুৰি উদমাৰীৰ আশীষ টপো নামৰ যুবকজনে নিজৰ কে টি এম, এ এছ ১২ এক্স ৬৫৫০ নম্বৰৰ মটৰ চাইকেলখন মেৰামতি কৰিবলৈ নতুন বজাৰৰ মা অট’মবাইল নামৰ গেৰেজটোলৈ আহে ৷

গেৰেজটোত আহি দেখা পায় একে নম্বৰৰ আন এখন মটৰ চাইকেল গেৰেজটোত আছে ৷ গেৰেজৰ স্বত্বাধিকাৰী ইলিয়াচ মোল্লাই এজন যুৱকে সেইখন মটৰ চাইকেল মেৰামতি কৰিবলৈ দিয়া বুলি জনায় ৷ এই ঘটনাৰ পিছত আশীষ নামৰ যুবকজন আৰক্ষীৰ কাষ চাপে ৷

আৰক্ষীয়ে গেৰেজটোৰ পৰা দুয়োখন মটৰ চাইকেল জব্দ কৰি আৰক্ষী চকীলৈ নিয়াৰ লগতে গেৰেজৰ স্বত্বাধিকাৰী ইলিয়াচ মোল্লাক সোধপোচৰ বাবে আৰক্ষী চকীলৈ লৈ যায় ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

assam NOGAON