/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/38edb19e-2538-4a18-b065-973548a25c37/gold_bars.jpg)
ডিজিটেল ডেস্ক : অসম আৰক্ষী আৰু চিআৰপিএফ ৰ যুটীয়া প্ৰচেষ্টাত কাৰ্বি আংলঙৰ এখন যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ হয় ২.৩২৩ কেজি সোণ আৰু গ্ৰেপ্তাৰ কৰা দুই ব্যক্তিক । গ্ৰেপ্তাৰ কৰা ব্যক্তি দুগৰাকী মহম্মদ মহিন (২৪) আৰু মহম্মদ মশ্বৰুদিন (৪১) বুলি জানিবলৈ পৰা গৈছে ।
এক বিশেষ সুত্ৰৰ পম খেদি আৰক্ষীয়ে চিআৰপিএফ ৰ সহযোগত কাৰ্বি আংলঙৰ লাহৰিজান তালাচী চকীত উদ্ধাৰ কৰে এই সোণখিনি ।
এই সন্দৰ্ভত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে দিয়া ভাষ্য অনুসৰি, ১৪ ডাল সোণৰ বাৰ ৰূপত আছিল এই সোণখিনি । আৰু আটক কৰা ব্যক্তি দুগৰাকী মনিপুৰৰ থিউবাল জিলাৰ বুলি জনায় জন দাসে । উল্লেখ্য যে, যাত্ৰীবাহী বাছখন মনিপুৰৰ পৰা গুৱাহাটী লৈ আহি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয় ব্যক্তি দুগৰাকীক ।