/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/c50809d6-8439-4236-a7a4-1b2fcdecf237/dfsdfsdfsdfsdfsdf.jpg)
-
শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত বন বিভাগৰ তীব্ৰ অভিযান৷
-
অভিযানত জব্দ দুখনকৈ কয়লা আৰু শিল ভৰ্তি বাহন ৷
-
এক গোপন সূত্ৰৰ পম খেদি চাৰিদুৱাৰৰ বন বিষয়া আৰু বনকৰ্মীৰ দলে অসম অৰুনাচল সংযোগী পথৰ ভালুকপুঙৰ পৰা অবৈধভাৱে কয়লা সৰবৰাহ কৰি আনি থকাৰ সময়ত জব্দ কৰে বলেৰ পিক আপ বাহনখন ৷
-
আনহাতে বালিপৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ ভাৱে শিল বালি কঢ়িওৱা এখন টিপাৰো জব্দ কৰে চাৰিদুৱাৰ বন বিভাগৰ দলটোৱে৷
-
জব্দকৃত বাহন কেইখনৰ ভিতৰত বলেৰ পিকআপ খনৰ নম্বৰ AS- 12 -BC -8141 আৰু টিপাৰ খনৰ নম্বৰ AS-12 -AC -7222
-
ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে বন বিভাগে ৷
Also Read: নতুন গোচৰত কেজৰিৱাললৈ ইডিৰ চমন...