/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/dgp.jpg)
ডিজিটেল ডেস্কঃ মহানগৰীৰ দুই যুৱতী আলফাত যোগদান কৰাটো নিশ্চিত কৰিলে অসম আৰক্ষীক সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়ে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি কেৱল গুৱাহাটীৰ দুই যুৱতীয়েই নহয় অসমৰ বহু যুৱক-যুৱতী গৈছে আলফালৈ।
সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰকাশ কৰা মতে আলফাই বহু যুৱক-যুৱতী আলফাত যোগদান কৰিছে যদিও আলফাই কেতিয়াও সেই বিষয়ে প্ৰকাশ নকৰে। লগতে তেওঁ এই গোটেই বিষয়টো গুৰুত্বসহকাৰে লৈছে বুলিও প্ৰকাশ কৰিছে। উল্লেখ্য যে মহানগৰৰ উজানবজাৰৰ খাৰঘূলীৰ জয়পুৰৰ দুই যুৱতীয়ে উজনি অসমৰ এগৰাকী আলফা নেতৃত্বৰ জৰিয়তে আলফাত যোগদান কৰা বুলি চৰ্চা চলি আছিল।
ইতিমধ্যে পৰিয়ালৰ লোকে সদৰি কৰা মতে ২০১২ চনত আলফা স্বাধীনত যোগদান কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল সৰস্বতী দাস নামৰ যুৱতীগৰাকী। পৰৱৰ্তী সময়ত তেওঁক ভৰলুমুখত উদ্ধাৰ কৰা হৈছিল। কিন্তু গুৱাহাটীৰ আনগৰাকী যুৱতীক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই।