আৰক্ষীৰ জালত পৰিল দুই প্ৰৱঞ্চক, বহু দিনৰেপৰা ধন দাবী কৰি আহিছিল চি বি আইৰ ভূৱা পৰিচয়ৰে…

আৰক্ষীৰ জালত পৰিল দুই প্ৰৱঞ্চক, বহু দিনৰেপৰা ধন দাবী কৰি আহিছিল চি বি আইৰ ভূৱা পৰিচয়ৰে…

author-image
asomiyapratidin
New Update
আৰক্ষীৰ জালত পৰিল দুই প্ৰৱঞ্চক, বহু দিনৰেপৰা ধন দাবী কৰি আহিছিল চি বি আইৰ ভূৱা পৰিচয়ৰে…

ডিজিটেল ডেস্ক : ১৮ আগষ্টৰ নিশা কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই যুৱকক । দীৰ্ঘদিন ধৰি চি বি আইৰ ভূৱা পৰিচয়েৰে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে যুৱক দুজনৰ বিৰুদ্ধে । দিলোয়াৰ হুছেইন আৰু ৰাশ্বিদ আহমেদ নামৰ যুৱক দুজনে ২ লাখ টকা উৎকোছ লৈছিল চি বি আইৰ নামত । ভূক্তভোগী ব্যক্তিজনে এই সন্দৰ্ভত আৰক্ষীক দিয়া‍ এক অভিযোগৰ ভিত্তিত, আৰক্ষীৰ তৎপৰতাত গ্ৰেপ্তাৰ হয় প্ৰৱঞ্চকদ্বয় ।

Advertisment

উল্লেখ্য যে, দিলোয়াৰ হুছেইনক আৰক্ষীয়ে কৰিমগঞ্জৰ ৰাতাবাৰি অঞ্চলৰ পৰা আৰু ৰাশ্বিদ আহমেদক পাতাৰকান্দি চহৰত গ্ৰেপ্তাৰ কৰা হয় । দুয়ো প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি ইতিমধ্যে তদন্তৰ ব্যৱস্থা কৰিছে ।

আৰু পঢ়ক : ভিয়েটনামৰ আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ টাইকোৱাণ্ড চেম্পিয়নশ্বিপলৈ অসমৰ ৭ খেলুৱৈ…

fraud bribe karimganj cbi Assam police