ঢকুৱাখনাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী জেললৈ নিক্ষেপ…

ঢকুৱাখনাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী জেললৈ নিক্ষেপ…

author-image
asomiyapratidin
New Update
ঢকুৱাখনাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী জেললৈ নিক্ষেপ…

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাৰ নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান কালত হাতে লোতে ধৰা পৰা  ঢকুৱাখনাৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক মঙ্গলবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। সোমবাৰে সন্ধিয়া  ঢকুৱাখনা সদৰ চাৰিআলিত  সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয় ,উপ-পৰিদর্শক দীনেশ মেধি ,সিদ্ধাৰ্থ নাথৰ নেতৃত্বত চলা অভিযান কালত ৰামপুৰ শিমলুগুৰি গাঁৱৰ অজিত চুতীয়া ওৰফে নগা আৰু মহঘুলি চাপৰিৰ বিপুল দাস ওৰফে চিপকলি নামৰ দুটা ড্ৰাগছ সৰবৰাহকাৰী নিষিদ্ধ ড্ৰাগছসহ আটক কৰিছিল।

এই সন্দৰ্ভত  ঢকুৱাখনা সদৰ থানাৰ উপ-পৰিদর্শক সিদ্ধাৰ্থ নাথৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ (নং- ১৩৫ / ২০২২ ) এন ডি পি এছ আইনৰ ২১/(এ)/২৯ ধাৰাত পঞ্জীয়ন কৰিছে । তদন্তকাৰী আৰক্ষী বিষয়া দীনেশ মেধিয়ে দুয়োটা সৰবৰাহকাৰীক মঙ্গলবাৰে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।  ঢকুৱাখনা আৰক্ষীৰ ড্ৰাগছ বিৰোধী কঠোৰ পদক্ষেপৰ শলাগ লৈছে অভিভাৱক আৰু নাগৰিক সমাজে ।