কমলপুৰত দুদিনীয়াকৈ দামোদৰদেৱৰ তিৰোভাৱ তিথি পালন...

কমলপুৰত দুদিনীয়াকৈ দামোদৰদেৱৰ তিৰোভাৱ তিথি পালন...

author-image
Asomiya Pratidin
New Update
কমলপুৰত দুদিনীয়াকৈ দামোদৰদেৱৰ তিৰোভাৱ তিথি পালন...

ডিজিটেল সংবাদ, ৰঙিয়া : ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ কমলপুৰত দুদিনীয়াকৈ দামোদৰ দেৱৰ তিৰোভাৱ তিথি তথা শিৱ মন্দিৰৰ পানীতোলা আৰু গীতাৰ্থী সমাজৰ বাৰ্ষিক সভা উদযাপন কৰি অহা হৈছে । তদুপলক্ষে বুধবাৰে দ্বিতীয় তথা সামৰণিৰ দিনটোতো ৰূপায়ণ কৰা হয় বিস্তৃত কাৰ্যসূচী ।

Advertisment

সেই অনুসৰি পুৱাৰ ভাগত ঊষা সংকীৰ্তন আৰু মঙ্গলাচৰণ যাত্ৰাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে মহাপুৰুষ দামোদৰ দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়।

দিনৰ ভাগত মহাপ্ৰভু শিৱপুজা আৰু হোমযজ্ঞ আৰম্ভ কৰা হয়। বিয়লিৰ ভাগত নাগাৰা নামৰ লগতে দেৱ দেৱীৰ পাণ্ডাৰ দ্বাৰা মাহাত্ম্য প্ৰকাশ কৰা হয়। আধ্যাত্মিক বন্দনাৰে মুখৰিত অনুষ্ঠান উপলক্ষে স্থানীয় অগণন ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।

Also Read: কাইলৈ ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল...

rangia