সোণাপুৰ মহাবিদ্যালয়ত দুদিনীয়া উদ্যোমিতা মহোৎসৱ ২০২৪ আৰম্ভ

সোণাপুৰ মহাবিদ্যালয়ত দুদিনীয়া উদ্যোমিতা মহোৎসৱ ২০২৪ আৰম্ভ

ডিজিটেল সংবাদ,সোণাপুৰ : মঙলবাৰৰ পৰা গুৱাহাটী মহানগৰৰ পাৰ্শ্বৱৰ্তী সোণাপুৰ মহাবিদ্যালয়ত দুদিনীয়াকৈ উদ্যোমিতা মহোৎসৱ ২০২৪ আৰম্ভ হৈছে। উল্লেখ্য যে, সোণাপুৰ কলেজৰ আভ্যন্তৰীণ মান নিৰূপন কোষ আৰু কলেজৰ আভ্যন্তৰীণ উদ্ভাৱনী কোষৰ উদ্যোগত আৰু নেৰামেক, নেডফি, গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, অসম ডনবস্ক বিশ্ববিদ্যালয়, এন ই এইচ ডি চি, আসাম ষ্টাৰটআপৰ যৌথ সহযোগত অনুষ্ঠিত হোৱা মহোৎসৱখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম উদ্যোগিক বুনিয়াদ বিকাশ নিগমৰ পৰিচালন সঞ্চালক চিন্ময় ফুকনে।

উদ্বোধনী ভাষণত ফুকনে কয় যে, অসমত বৰ্তমান বিভিকাময় পৰিবেশ নাই। সকলো ফালে সম্ভাৱনাৰহে পৰিবেশ দেখা যায়। অসমত এখন নতুন পৃথিৱীৰ সূচনা হৈছে। য'ত ব্যৱসায় বাণিজ্যৰ অনুকূল পৰিবেশ ৰচনা হৈছে।

সেয়েহে ছাত্ৰ ছাত্ৰী সকলক এজন ভাল চিকিৎসক, অভিযন্তা হোৱাৰ বাহিৰেও এজন ভাল ইন্টাৰপ্ৰিনিয়াৰ হ'বলৈ আহ্বান জনায়। তদুপৰি সোণাপুৰ কলেজত অনুষ্ঠিত কৰা মহোৎসৱখনি উদ্যোমিতাৰ চাবি কাঠি হ'ব পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ সোণাপুৰ কলেজৰ এই উদ্যোগক শলাগ লয়।

ইফালে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাস। মুখ্য অতিথিৰ ভাষণত উপাচাৰ্য দাসে বিশ্ববিদ্যালয়খনে বিগত সময়চোৱাত কৰি অহা বিভিন্ন উদ্ভাৱনী আৰু গৱেষণামূলক কাম কাজৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে।

প্ৰসংগক্ৰমে গুজৰাটৰ দৰে অসমতো ব্যৱসায় বাণিজ্যৰ সম্ভাৱনাই দেখা দিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানৰ পাছতে মূল ভাষণ প্ৰদান কৰে- ন ই এইচ এইচ ডি চিৰ উপদেষ্টা ড০ শ্ৰীপৰ্ণা বৰুৱাই।

আনহাতে মহাবিদ্যালয়ৰ সংগীতেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানৰ পাছতে সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰে আদৰণি ভাষণ প্ৰদান কৰে। খনিকৰে সোণাপুৰ কলেজত আৰম্ভ হোৱা ষ্টাৰ্ট-আপ কেনেদৰে উদ্যমিতাৰ দিশে আগবাঢ়িছে তাৰ এক বিৱৰণ দি অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে সোণাপুৰ কলেজতো উদ্যমিতাৰ উদ্দেশ্যে কাম কৰা হৈছে বুলি মত প্ৰকাশ কৰে।

অসমৰ কলেজসমূহত উদ্যোমিতা বিকাশ কোষ গঠন হৈছে কিন্তু উদ্যোমিতা বিকাশৰ লক্ষৰে নিদিষ্ট দিশত আগবাঢ়ি যাব পৰা নাই। উদ্যোমিতাৰ বিকাশৰ বাবে অৱশ্যক হোৱা পৰিবেশ ৰচনা কৰিব পৰাটো প্ৰত্যাহ্বান। সোণাপুৰ কলেজে অসমৰ মহাবিদ্যালয়সমূহৰ ভিতৰত প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছে আৰু উদ্যোমিতা বিকাশ আৰু ষ্টাৰ্টআপৰ বাবে উক্ত অনুষ্ঠান সমূহৰ সহযোগত কাম কৰি আহিছে। আজিলৈকে সোণাপুৰ কলেজৰ পৰা ৭ টা ষ্টাৰ্টআপে অসম চৰকাৰৰ অৰ্থ সাহায্য পাবলৈ সক্ষম হৈছে আৰু বজাৰত ভুমুকি মাৰিছে বুলি উল্লেখ কৰে।

উদ্বোধনী অনুষ্ঠানটি পৰিচালনা কৰে সোণাপুৰ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড০ দীপজ্যোতি ডেকাই। ইফালে অনুষ্ঠানত আজি সোণাপুৰ কলেজ আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ মাজত এখনি বুজা বুজি চুক্তি স্বাক্ষৰ কৰা হয়।

ইয়াৰ পাছতে Building an entrepreneurial Ecosystem in Academic Campus: Challenges & Opportunities আৰু Startups Wisdom: Insight from Successful Startups শীৰ্ষক দুটা পেনেল আলোচনা হয়। লগতে আজি Idieathon- Business Idea নামৰ এক প্ৰতিযোগিতা অনুষ্ঠিত হয়।

উক্ত প্ৰতিযোগিতাত ২৯ টা দলৰ ৫৩গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। তদুপৰি মহোৎসৱত ১২খন শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী শিক্ষানুষ্ঠানসমূহ হ'ল- সোণাপুৰ কলেজ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়, মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, Regional Institute of Science and technology (RIST), আৰ্য্য বিদ্যাপীঠ কলেজ, মায়ং আঞ্চলিক মহাবিদ্যালয়, বেলতলা মহাবিদ্যালয়, গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, আৰু কে চি দাস বাণিজ্য মহাবিদ্যালয়।

অসমৰ প্ৰতিষ্ঠিত ষ্টাৰ্ট-আপসমূহৰ উপস্থাপন আছিল সবাতোকৈ আকৰ্ষণীয়। উল্লেখ্য যে বুধবাৰে মহোৎসৱৰ পুনৰ পুৱা ৯-৩০ বজাত পঞ্জীয়ন আৰম্ভ হ'ব বুলি উদ্যোক্তা মণ্ডলীয়ে জনাইছে আৰু Sustainable Tourism and Entrepreneurship শীৰ্ষক আলোচনা অনুষ্ঠিত হ'ব।

অসমৰ পৰ্য্যটন উদ্যোগৰ বিশিষ্ট ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰিব। শ্ৰেষ্ঠ ষ্টাৰ্ট-আপসমূহক ৬০,০০০/- টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে। ইয়াৰ উপৰিও মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিবেশন কৰা ব্যৱসায়ীক পৰিবেশনে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

সোণাপুৰ মহাবিদ্যালয়ত দুদিনীয়া উদ্যোমিতা মহোৎসৱ ২০২৪ আৰম্ভ
পথ দুৰ্ঘটনাত চিত্ৰশিল্পী সমীৰণ পাঠকৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in