শিবিৰ এৰি পলোৱাৰ অপৰাধত আলফা (স্বাধীন) ৰ শিবিৰত ২ কেডাৰক মৃত্যুদণ্ড...

শিবিৰ এৰি পলোৱাৰ অপৰাধত আলফা (স্বাধীন) ৰ শিবিৰত ২ কেডাৰক মৃত্যুদণ্ড...

author-image
Asomiya Pratidin
New Update
শিবিৰ এৰি পলোৱাৰ অপৰাধত আলফা (স্বাধীন) ৰ শিবিৰত ২ কেডাৰক মৃত্যুদণ্ড...

শিবিৰ এৰি পলোৱাৰ অপৰাধত আলফা (স্বাধীন) ৰ শিবিৰত ২ কেডাৰক মৃত্যুদণ্ড...

ডিজিটেল ডেস্কঃ আলফা (স্বাধীন) ৰ শিবিৰত পুনৰ কেডাৰক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। সংগঠনটোৰ ম্যানমাৰস্থিত শিবিৰত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে দুজনৈ কেডাৰক।

Advertisment

ম্যানমাৰৰ শিবিৰত সংগঠনটোৱে মৃত্যুদণ্ড বিহা এই কেডাৰ দুজনৰ ভিতৰত এজনৰ নাম অবিনাশ কলিতা। অবিনাশৰ ঘৰ পাঠশালাত। আনগৰাকী সদস্যৰ নাম অবশ্যে এই পৰ্যন্ত জানিব পৰা নাই।

২০২২ ৰ মাৰ্চত সংগঠনটোত যোগদান কৰা অবিনাশে ম্যানমাৰৰ শিবিৰৰ পৰা পলাবলৈ চেষ্টা কৰাৰ অপৰাধত আন এজন কেডাৰৰ সৈতে তেওঁক প্ৰাণদণ্ড বিহিছে। অবিনাশৰ পৰিয়ালক জনোৱা অনুসৰি ছেপ্টেম্বৰ মাহতে অবিনাশক এই মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আন দুগৰাকী কেডাৰক মৃত্যুদণ্ড বিহা হৈছিল। সংগঠন বিৰোধী কাৰ্যকলাপত জড়িত হৈ পৰা অপৰাধত এই শাস্তি প্ৰদান কৰা হৈছে। আলফাই এইদৰে চৰম শাস্তি প্ৰদান কৰা এই আলফা সদস্য আছিল ক্ৰমে লাচিত হাজৰিকা ওৰফে চেলিম আলী আৰু বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়া।

ইয়াৰে নয়নমণি চেতিয়া আছিল এগৰাকী সুদক্ষ খেলুৱৈ। তদুপৰি এগৰাকী মাতৃও আছিল নয়নমণি। ইপিনে মৃত্যুদণ্ড বিহা লাচিত হাজৰিকা ওৰফে চেলিম আলী আছিল সংগঠনটোৰ আগশাৰীৰ নেতা।

Also Read: প্ৰতি ৪ গৰাকী ব্যক্তিৰ এগৰাকী আক্ৰান্ত হয় ষ্ট্ৰ'কত...

আলফা (স্বাধীন)