ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল ২ ভাতৃৰ

নৱবৰ্ষৰ প্ৰথমটো দিনতেই বোকাজানত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দেওবাৰে নিশা সংঘটিত এই পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ২ ভাতৃৰ।
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল ২ ভাতৃৰ

ডিজিটেল সংবাদ,বোকাজান: নৱবৰ্ষৰ প্ৰথমটো দিনতেই বোকাজানত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দেওবাৰে নিশা সংঘটিত এই পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ২ ভাতৃৰ।

বোকাজানৰ কৰ্মস্থলীৰ পৰা গোলাঘাটৰ ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত থিতাতে নিহত হয় দুই ভাতৃ। NL-07-C-5890 নম্বৰৰ ব'লেৰ আৰু AS-05-N-9051 নম্বৰৰ মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

নিহত যুৱক দুজন গোলাঘাট জিলাৰ জামুগুৰিৰ ২নং লখিবাৰীৰ প্ৰাঞ্জিত বৰা আৰু জিৎ বৰা বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছা পেলাইছে।

আৰু পঢ়ক: কেন্দ্ৰলৈ সকাহ! ২০১৬ চনৰ বিমুদ্ৰাকৰণ বৈধ: উচ্চতম ন্যায়ালয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in