নলবাৰীত শিক্ষাব্ৰতী দীপামণি গোস্বামীৰ ‘প্ৰবন্ধ কৰণি’ আৰু ‘ধুমুহাৰ অন্তত’ উন্মোচন...

নলবাৰীত শিক্ষাব্ৰতী দীপামণি গোস্বামীৰ ‘প্ৰবন্ধ কৰণি’ আৰু ‘ধুমুহাৰ অন্তত’ উন্মোচন...
নলবাৰীত শিক্ষাব্ৰতী দীপামণি গোস্বামীৰ ‘প্ৰবন্ধ কৰণি’ আৰু ‘ধুমুহাৰ অন্তত’ উন্মোচন...

ডিজিটেল সংবাদ নলবাৰী: নলবাৰী জিলা সাহিত্য সভাৰ সৌজন্যত আৰু মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ উদ্যোগত আজি অৱসৰীয়া শিক্ষাব্ৰতী, একনিষ্ঠ সাহিত্যসেৱী দীপামণি গোস্বামীৰ প্ৰবন্ধপুথি ‘প্ৰবন্ধ কৰণি’ আৰু গল্পপুথি ‘ধুমুহাৰ অন্তত’ উন্মোচন কৰা হয় । এই উপলক্ষে নলবাৰী প্ৰেছ ক্লাবত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ পৌৰোহিত্যত আয়োজিত এক অনুষ্ঠানত পুথি দুখন ক্ৰমে বিশিষ্ট সাহিত্যিক অশ্বিনী কুমাৰ শৰ্মা আৰু ড০ লীনা ডেকাই উন্মোচন কৰে ।

নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অনুষ্ঠান আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ আঁত ধৰে মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ সম্পাদক কবিতা ডেকা তালুকদাৰে । অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোৱিন্দ কলিতা আৰু কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ প্ৰাসংগিক ভাষণ প্ৰদান কৰে ।

নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰীয়া অধ্যক্ষ বীৰেন্দ্ৰনাথ শৰ্মাই বন্তি জ্বলাই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে । 'চিৰ চেনেহী মোৰ ভাষা জননী' শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ হোৱা আৰু বিশিষ্ট শিক্ষাবিদ ড০ গিৰীশ চন্দ্ৰ ডেকা, কৃতী সাংবাদিক মজিবুৰ ৰহমান, প্ৰণৱেশ ভট্টাচাৰ্য, শিক্ষাব্ৰতী ডিম্বিকা চোধুৰী, মৃদুলা বৰুৱা মেধি, নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মা, সহকাৰী সম্পাদক শ্বাহ আলম আহমেদ, সমাজকৰ্মী অশ্বিনী শৰ্মা, হীৰেন্দ্ৰ গোস্বামী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে ভাগ অনুষ্ঠানটোত বদ্য বাদক উৎপল লোচন শৰ্মা, প্ৰদীপ বৈশ্যৰ সহযোগত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰণীতা হালৈ, নিৰুপমা হালৈ, অভিজিৎ শৰ্মা, বনশ্ৰী গোস্বামী আৰু চুনুমা বৈশ্যই বিভিন্ন গীত পৰিৱেশন কৰি অনুষ্ঠানটোক বাৰুকৈয়ে ৰসাল কৰি তোলে । অসম সংগীতেৰে অনুষ্ঠান সামৰা হয় ।

নলবাৰীত শিক্ষাব্ৰতী দীপামণি গোস্বামীৰ ‘প্ৰবন্ধ কৰণি’ আৰু ‘ধুমুহাৰ অন্তত’ উন্মোচন...
বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰিব বাংলাদেশৰ একমাত্ৰ নবেল বিজয়ী অধ্যাপক মহম্মদ ইউনুছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in