৭ টা চোৰাং হাতীদাঁত আৰু বন্দুকসহ দুই অৰুণাচলী বন্যপ্ৰাণীৰ অংগ ব্যৱসায়ীক আটক…

৭ টা চোৰাং হাতীদাঁত আৰু বন্দুকসহ দুই অৰুণাচলী বন্যপ্ৰাণীৰ অংগ ব্যৱসায়ীক আটক…

author-image
asomiyapratidin
New Update
৭ টা চোৰাং হাতীদাঁত আৰু বন্দুকসহ দুই অৰুণাচলী বন্যপ্ৰাণীৰ অংগ ব্যৱসায়ীক আটক…

ডিজিটেল সংবাদ জোনাইঃ ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমাৰ আৰক্ষীয়ে আজি গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জোনাইত লক্ষাধিক মূল্যৰ ৭টা চোৰাং হাতীদাঁত আৰু বন্দুকসহ সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে দুজন অৰুণাচলী বন্যপ্ৰাণীৰ অংগ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে৷ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জোনাই সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত অভিযান চলাই আজি প্ৰায় পুৱা ৮ বজাত জোনাই সদৰৰ লক্ষী নেপালী বস্তিত বিক্ৰী কৰিবলৈ অনা বনৰীয়া হাতীৰ দাঁতসহ আটক কৰে বন্যপ্ৰাণী চোৰাং অংগ ব্যৱসায়ী দুজন অৰুণাচলী লোকক।

এই অভিযানত আৰক্ষীয়ে অৰুণাচলী বন্যপ্ৰাণীৰ অংগ ব্যৱসায়ী দুজনে ব্যৱহাৰ কৰা এখন চুইফ্ট ডিজায়াৰ গাড়ীৰ পৰা ৭ টা বন্যহস্তী দাঁত, এটা দুইনলীয়া বন্দুক, ৭ টা সজীৱ গুলী, তিনিটা ম'বাইল ফোনসহ কিছু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে। চোৰাং চিকাৰী তথা বন্যপ্ৰাণীৰ অংগ ব্যৱসায়ী দুজন অৰুণাচলৰ প্ৰদেশৰ চিলে থানাৰ অন্তৰ্গত বাৰ মাইলৰ টাগে ৰিনা আৰু তালেন জামহ বুলি চিনাক্ত কৰা হৈছে৷ ইয়াৰে টাগে ৰিনা প্ৰাক্তন সেনা জোৱান বুলি আৰক্ষীয়ে জানিব দিছে।

আৰক্ষীয়ে জব্দ কৰা চোৰাং বনৰীয়া হতীদাঁতসমূহ পৰীক্ষাৰ কাৰণে জোনাই বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগৰ পৰীক্ষাৰ অন্তত জোনাই সদৰ থানা লৈ জব্দকৃত চোৰাং হাতীদাঁত আৰু অন্যান্য সামগ্ৰীবোৰ লৈ যায়৷ জব্দ কৰা হাতীদাঁতসমূহৰ বজাৰ মূল্য কেইবা লক্ষাধিক মূল্যৰ হ'ব বুলি জানিব দিয়ে জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গমুনি দাসে৷

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত হাতীৰ দাঁতৰ চোৰাং ব্যৱসায় চলি থকাৰ বিষয়ে পোৱা গোপন তথ‍্যৰ ভিত্তিত অভিযান চলাইছিল জোনাই আৰক্ষীৰ দলটোৱে।