/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/boakhat-31.jpg)
ডিজিটেল সংবাদ বোকাখাতঃ গোপন সূত্ৰৰ পম খেদি বোকাখাত আৰক্ষীয়ে মঙলবাৰে গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত দুজন ব্যক্তিক গড়ঁৰ খৰ্গসহ আটক কৰে ৷ বোকাখাত আৰক্ষীৰ এই অভিযানৰ সময়ত বোকাখাতৰ ম'হমাইকী গাওঁৰ নিজা বাসগৃহৰ পৰা ভক্ত বাহাদুৰ থাপা নামৰ এজন লোকক আটক কৰে ৷
ধৃত লোকজনৰ ঘৰত চলোৱা তালাচীৰ সময়ত অভিযানকাৰী আৰক্ষীৰ দলে মোনাত লুকুৱাই থোৱা এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত ধৃত ভক্ত বাহাদুৰ থাপাৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে অভিযান চলায় বোকাখাত আমটেঙা গাওঁ নিৱাসী বোধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তেক গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়়িত থকাৰ অপৰাধত আটক কৰে ৷
উল্লেখযোগ্য যে ভক্ত বাহাদুৰ থাপা কাজিৰঙাৰ গঁড়ৰ চোৰাং চিকাৰৰ সৈতে পূৰ্বৰ পৰাই জড়িত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ আৰক্ষীয়ে আটক কৰা ব্যক্তি দুজনে ক'ৰ পৰা কেনেদৰে খৰ্গটো লাভ কৰিছিল সেই বিষয়ে জানিব পৰা হোৱা নাই যদিও অধিক তথ্যৰ বাবে ধৃত লোক দুজনৰ জেৰা অব্যাহত ৰাখিছে বোকাখাত আৰক্ষীয়ে ৷
ইফালে ফৰেনচিক পৰীক্ষা তথ্যৰ পিচতহে উদ্ধাৰ হোৱা গঁড় খৰ্গটো আচল নে নকল জানিব পৰা যাব ৷উদ্ধাৰ হোৱা গড়ঁৰ খৰ্গটোৰ ওজন ২.৩৫২ কিলোগ্ৰাম ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ঁ সুৰক্ষাৰ বাবে নিয়োজিত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি দত্তই গড়ঁ চিকাৰী দুটাক সোধপোচ অব্যাহত ৰাখিছে।