কাছাৰত সোনৰ বিস্কুট পিস্তল,গুলি সহ দুজনক গ্ৰেপ্তাৰ

কাছাৰত সোনৰ বিস্কুট পিস্তল,গুলি সহ দুজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰৰ কাটিগৰাত পিস্তল সহ দুজনক গ্ৰেপ্তাৰ।‌গোপন তথ্যৰ ভিত্তিত কাটিগৰা আৰক্ষীয়ে জব্দ কৰে এটা পইন্ট টু টু পিস্তল। জব্দ কৰা হয় মেগজিন সহ ৩ টা সজীব গুলি। জব্দ ২৫০ গ্ৰাম ওজনৰ ২ খন সোনৰ বিস্কুট।

মাৰণাস্ত্ৰ আৰু সোনৰ বিস্কুট সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ দুজন। ধৃত যুবক দুজন বিহাৰা ৫ম খণ্ডৰ আব্দুল আজিজ ওৰফে চানু (৩৪) আৰু বুৰুংগাৰ আব্দুল ওহাব (২৩) । অপৰাধ মুলক কাম কৰাৰ উদ্দেশ্যে মাৰণাস্ত্ৰ লৈ আহিছিল যুবক দুজনে। বুধবাৰে কাটিগৰা চৌৰাংগীৰ পৰা পিস্তল আৰু সোন সহ গ্ৰেপ্তাৰ কৰা হয় যুবক দুজনক। এই সংক্ৰান্তত কাটিগৰা থানাত ২৫(১)(এ) ধাৰাৰ আৰ্মছ এক্টৰ অধীনত ১৫/২০২৪ নম্বৰত এটি গোচৰ ৰুজু কৰে আৰক্ষীয়ে।

কাছাৰত সোনৰ বিস্কুট পিস্তল,গুলি সহ দুজনক গ্ৰেপ্তাৰ
গুৱাহাটী চেন্ট্ৰেল সমষ্টিত ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in