/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/191bca57-0803-4e78-ba4d-3ae5307256d5/mlkkk.jpg)
2 arrested
ডিজিটেল ডেস্ক: ৰাজ্যত চলি আছে চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে কেলেংকাৰী হোৱাৰ অভিযোগ। ইয়াৰ মাজতে জালুকবাৰীত ভুৱা নথিৰে নিযুক্তি ল’বলৈ অহা দুই যুৱকক আটক কৰে আৰক্ষীয়ে।
মেহবুব খান আৰু পংকজ মাহাতো নামৰ দুই যুৱক আটক আৰক্ষীৰ। ITBPত কনিষ্ঠবল নিযুক্তিৰ স্বাস্থ্য পৰীক্ষাৰ বাবে আহিছল যুৱকদ্বয়।
জালিয়াতিৰে সংৰক্ষিত পদত নিযুক্তি ল’বলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে দুই যুৱকৰ বিৰুদ্ধে।
একাংশ প্রাৰ্থীয়ে ধৰা পেলাই দুয়োৰে কিছু ভুৱা নথি-পত্র। যুৱকদ্বয়ক কৰায়ত্ত কৰি চমজাই দিয়ে জালুকবাৰী আৰক্ষীক। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীৰ তদন্ত অব্যাহত আছে।