/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3c25f546-4402-47e5-a378-d678b0eec2d7/teja.jpg)
tejaswita
ডিজিটেল ডেস্ক: গুৰুজয়ন্তীত বৰগীত পৰিৱেশন কৰিবলৈ আহি অকাল মৃত্যুক সাৱতি ল'লে মাজুলীৰ দৰিয়া গাঁৱৰ তেজস্বীতা বৰুৱাই। ১৪ বছৰীয়া তেজস্বীতাৰ মৃত্যুত এতিয়া ৰাজ্যজুৰি শোকৰ ছা পৰিছে।
জানিব পৰা মতে বুধবাৰে গুৰুজয়ন্তীত বৰগীত পৰিৱেশন কৰিবলৈ আহিছিল তেজস্বীতা। তাৰ পাছতেই গা বেয়া লাগিছিল আৰু পৰৱৰ্তী সময়ত হস্পাতালত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়লৈ নিয়া হৈছিল যদিও অকাল মৃত্যুক সাৱতি ল'লে তেজস্বীতাই।
তেজস্বীতাৰ মৃত্যুৰ পাছত বহু লোকে শোক প্ৰকাশ কৰিছে। ভাল গান গাইছিল তেজস্বীতাই। সেয়ে বৰ্তমান তেজস্বীতাৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে তেওঁৰ অনুৰাগীকে ধৰি বহুতে।