চন্দন বেজবৰুৱাৰ গীত 'তোমাক বুজাওঁ কেনেকৈ' মুক্তি...

চন্দন বেজবৰুৱাৰ গীত 'তোমাক বুজাওঁ কেনেকৈ' মুক্তি...

author-image
Dimpul Borgohain
New Update
চন্দন বেজবৰুৱাৰ গীত 'তোমাক বুজাওঁ কেনেকৈ' মুক্তি...

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজিৰ তেলিজানস্হিত মুং চাং হোটেলত বুধবাৰে সন্ধিয়া চন্দন বেজবৰুৱাৰ নতুন গীত “তোমাক বুজাওঁ কেনেকৈ ” শুভ উন্মোচন কৰে ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা বিশিষ্ট কণ্ঠ শিল্পী ড° শংকৰপাটোৱাৰীয়ে ৷

Advertisment

এই উপলক্ষে অনুষ্ঠিত হোৱা উন্মোচনী সভাখনিও সঞ্চালনা কৰে সহযোগী অধ্যাপক তথা বিশিষ্ট কণ্ঠ শিল্পী ড° শংকৰ পাটোৱাৰীয়ে ৷ অনুষ্ঠানৰ উদ্যোগতা তথা গায়ক চন্দন বেজবৰুৱাই উদ্দেশ্য ব্যাখ্যাত নিজৰ চৰকাৰী চাকৰি কামকাজৰ মাজতো পাছঁ বছৰে মনত পুহি ৰখা চেষ্টাৰ ফলস্বৰূপে ৰাইজৰ মাজৰলৈ আগুৱাই দিয়া কথা উল্লেখ কৰি ৰাইজে মৰমৰে আকোঁৱালি ল'ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷

অনুষ্ঠানত উন্মোচনীৰ গীতৰ গীতিকাৰ তথা অসম চৰকাৰৰ সমবায় বিভাগৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জয়ন্ত সন্দিকৈয়ে বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকি বক্তব্যত চন্দন বেজবৰুৱাৰ কণ্ঠ শলাগ লয় ৷ উন্মোচনী সভাত ধেমাজিৰ অন্য এগৰাকী বিশিষ্ট কণ্ঠ শিল্পী মাৰ্ধূয্য বুঢ়াগোঁহাই আৰু ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতিকে ধৰি ধেমাজি বহুকেইগৰাকী সাংস্কৃতিক কৰ্মী , সাংবাদিককে ধৰি অঞ্চলটোৰ বহুকেই গৰাকী গন্য মান্য বক্তিও শুভাকাংক্ষী ৰাইজে উপস্হিত থাকে ৷

চন্দন বেজবৰুৱা