চৰকাৰী বিষয়াৰ উদাসীনতাত তুলসীমুখ মুগা গো-চৰণীয়া পামৰ মৃত্যু ঘণ্টা, অবৈধ বেদখল

চৰকাৰী বিষয়াৰ উদাসীনতাত তুলসীমুখ মুগা গো-চৰণীয়া পামৰ মৃত্যু ঘণ্টা, অবৈধ বেদখল

ডিজিটেল সংবাদ,বেবেজীয়া : যি মুগাক লৈ অসমে গৌৰৱ কৰে যি মুগাশিল্পক লৈ অসমৰ অহংকাৰ হয় সেই মুগা উৎপাদনৰ চৰকাৰী পাম বিলাকৰ দুৰৱস্থা দেখিলে এনে লাগে যেন এয়া কেৱল কাগজে কলমে চলি থকা কথাহে। তাৰে এটা জলন্ত উদাহৰণ নগাঁও জিলাৰ সদৰ সমষ্টিৰ অন্তৰ্গত তুলসীমুখ মুগা গো চৰণীয়া পাম ।

প্ৰায় দুশ বিঘাৰো অধিক ভূমিত ১৯৭৪ চনতে প্ৰতিষ্ঠা হোৱা মুগা উৎপাদন কেন্দ্ৰটোত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ হেমাহিৰ কাৰণেই কিছু দুস্কৃতিকাৰীয়ে অবৈধ ভাৱে পামখনৰ ভূমিত পকী ঘৰ দুৱাৰ সজাৰ সমান্তৰালকৈ পামখনৰ মাটি বেচা-কিনা কৰি অহাৰ পাছতো আজিলৈকে বিভাগীয় ভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। অঞ্চলটোৰ কেইগৰাকীমান সচেতন জ্যেষ্ঠ নাগৰিকে জিলা উপায়ুক্তৰ লগতে বিভাগীয় উৰ্দ্ধতন কৰ্তৃপক্ষক এই বিষয়ে বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো আজিলৈকে বেদখল মুক্ত নোহোৱাটো আশ্চৰ্যকৰ কথা।

আমি এই প্ৰতিবেদন যুগুত কৰা আগত পামখন পৰিদৰ্শন কালত চৰকাৰী বন্ধ নাথাকোতেও কাৰ্যালয়টোত কোনো চৰকাৰী কৰ্মচাৰী উপস্থিত নথকাটো পৰিলক্ষিত হয়। স্থানীয় ৰাইজৰ অভিযোগ মতে পামখনত নিয়োজিত কৰ্মচাৰী কেইজনে নিয়মমাফিক পামখনলৈ গৈ দৰমহা লোৱাৰ বাহিৰে আন কোনো ব্যৱস্থা আজিলৈকে নল'লে।

তাৎপৰ্যপূৰ্ণ যে এটা সময়ত এই পামখনক কেন্দ্ৰ কৰি অঞ্চলটোৰ প্ৰায়সকল ব্যক্তিৰ ঘৰতে এৰী আৰু পাট পলু পালন কৰি অৰ্থ উপাৰ্জনৰ লগতে এৰী,মুগা উৎপাদনৰে গৌৰৱৰ অংশীদাৰ হৈছিল। পৰৱৰ্তী কালত বিভাগীয় বিষয়াৰ উদাসীনতা আৰু পামখনৰ অকাল মৃত্যুঘণ্টাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এৰী পালন কৰিবলৈ এৰি দিয়ে। বৰ্তমান দুস্কৃতিকাৰীৰ কবলত পামখনৰ মাটি বেচা-কিনা চলি থকাৰ সময়তে চৰকাৰীভাৱে আয়োজন কৰা মুগা মিছন আঁচনি এক প্ৰহসন হোৱা যেনহে পৰিলক্ষিত হৈছে।

কিয়নো আঁচনিৰ অধীনত ৰোপন কৰা চোমপুলিৰ যতন লোৱাৰ পৰিৱৰ্তে কেন্দ্ৰটোত নিয়োজিত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে নৱনিৰ্মিত আৱাসগৃহত কিছুদিন আগলৈকে মুৰ্গী পালন কৰা বুলিহে একাংশ ব্যক্তিয়ে জানিবলৈ দিয়ে। সমান্তৰালকৈ পামখনৰ ভূমি দখল কৰি কোনো কোনোৱে গাহৰি পাম খুলি ব্যৱসায় আৰম্ভ কৰিছে।

চৰকাৰী ভূমি দখল কৰি একাংশ দুস্কৃতিকাৰীয়ে পামখনক সোণৰ কণী পৰা হাঁহলৈ পৰ্যবসিত কৰাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষৰ মৌনতাই স্বাভাবিকতেই সচেতন অঞ্চলবাসীক উদ্বিগ্ন কৰি তুলিছে। চৰকাৰে মৃত্যু ঘন্টা বাজি পামখন জীয়াই তুলি কৰ্মক্ষম কৰি তুলিবলৈ বেদখল মুক্ত কৰাটো অতি জৰুৰী বুলি একাংশ ব্যক্তিয়ে মত পোষণ কৰে। অন্যথা পামখনৰ সমূদায় ভূমি একাংশ দুস্কৃতিকাৰীৰ পৈত্ৰিক সম্পত্তিলৈ পৰ্যবসিত হ'বলৈ বেছিদিন নালাগিব।

চৰকাৰী বিষয়াৰ উদাসীনতাত তুলসীমুখ মুগা গো-চৰণীয়া পামৰ মৃত্যু ঘণ্টা, অবৈধ বেদখল
গহপুৰ মহকুমাৰ নতুন মহকুমাধিপতি হিচাপে যোগদান লুকুমণি বৰাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in