/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4b743ec0-e43d-4dd6-86b2-b85d72fbd3c1/kachar.jpg)
ডিজিটেল,সংবাদ, শিলচৰ : বাংলাদেশলৈ সৰবৰাহ কৰাৰ সময়ত কাছাৰত বিএছএফে জব্দ কৰে এখন চোৰাং গৰু ভৰ্তি মিনি ট্ৰাক ৷ গোপন তথ্যৰ ভিত্তিত কালাইনত অভিযান চলাই বিএছএফে AS22EC- 1948 নম্বৰৰ মাৰুতি পিকআপ ভেনৰ পৰা জব্দ কৰে এই তেৰটা গৰু ৷ চোৰাং গৰু সৰবৰাহৰ অভিযোগত বিএছএফে বাহন খনৰ চালকক আটক কৰে ৷ ধৃত চালক কাটিগৰা গনিৰগ্ৰামৰ আমিৰ উদ্দিন ৷
জব্দ কৰা গৰু কেইটা বৰখলাৰ বৰযাত্ৰাপুৰৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰা পৰিকল্পনা কৰিছিল চোৰাং ব্যৱসায়ীয়ে ৷ গৰু কেইটাৰ গৰাকী কালাইন ভৈৰবপুৰৰ জনৈক ভুট্টু নামৰ গৰু ব্যৱসায়ী জনৰ বুলি স্বীকাৰ কৰে ধৃত চালক জনে ৷ পাছত গৰু সহ চালকক কালাইন আৰক্ষীক চমজাই দিয়া হয় ৷